অসম

assam

ETV Bharat / state

বাক্সাত সেনা বাহিনীৰ দ্বাৰা দৌৰ প্ৰতিযোগিতা - বাক্সা

7৩ তম স্বাধীনতাৰ লগত সংগতি ৰাখি বাক্সাত সেনাবাহিনীৰ দ্বাৰা ছাত্ৰছাত্ৰীৰ মাজত দৌৰ প্ৰতিযোগিতা

বাক্সাত সেনা বাহিনীৰ দ্বাৰা দৌৰ প্ৰতিযোগিতা

By

Published : Aug 11, 2019, 9:44 PM IST

বাক্সা, 11 আগষ্ট : ৭৩ তম স্বাধীনতা দিৱসৰ উপলক্ষে বৰমাত থকা 9 নং জাট ৰেজিমেণ্টৰ উদ্যোগত আজি বৰিমাখাৰ পৰা বৰবৰী হাইস্কুল খেল পথাৰলৈ ছাত্ৰ ছাত্ৰীৰ মাজত দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰে ৷ ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন পতাকা জোকাৰী শুভাৰম্ভ কৰে বৰমাত থকা ৯ নং জাট ৰেজিমেণ্টৰ কৰ্ণেল সুধিৰ পাঠকে ৷ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বাক্সা জিলা উপায়ুক্ত ভাস্কৰ পেগুই ৷ প্ৰায় ৪৫০ জন প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা দৌৰ প্ৰতিযোগিতাৰ অন্তত কৃতকাৰ্য্যতা লাভ কৰা খেলৱৈক পুৰস্কৃত কৰে মেডেল, প্ৰমাণপত্ৰ আৰু নগদ ধনৰে ৷ শান্ত সম্প্ৰীতি অতুত ৰাখিবলৈ আয়োজন এই দৌৰ প্ৰতিযোগিতাৰ ৷

বাক্সাত সেনা বাহিনীৰ দ্বাৰা দৌৰ প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details