বাক্সা,৫ অক্টোবৰ: দীৰ্ঘদিনীয়া সমস্যাৰ পৰা মুক্ত হ'ল বাক্সা তথা তামুলপুৰবাসী । শুভ উদ্বোধন কৰা হ'ল পাগলাদিয়া নৈৰ ওপৰত নিৰ্মিত পকী দলঙৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে নৱনিৰ্মিত দলংখনি । দলংখন শুভ উদ্বোধন কৰি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, "বাক্সাৰ লোকসকলে দুঘণ্টাৰ ঠাইত এঘণ্টাৰ ভিতৰতে এতিয়া উপস্থিত হ'ব পাৰিব তামুলপুৰ জিলাত ।"
এই দলং নিৰ্মাণৰ লগে লগে ২৫ হাজাৰ লোক উপকৃত হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে ২০২১ বৰ্ষত আৰম্ভ হোৱা কাম সম্পন্ন হোৱাৰ পাছত বৃহস্পতিবাৰে উদ্বোধন কৰা হয় পকী দলংখন । সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজে বিচাৰিলে বৰমা-ধমধম-তামুলপুৰ পথ ডাবল লাইনৰ বনাই দিয়া হ'ব । কিন্ত নিবিচাৰিলে ছিংগেল লাইন ভালকৈ বনাই দিয়াৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ২৬.৩০ কিলোমিটাৰ দৈৰ্ঘৰ হ'ব উক্ত পথচোৱা ।
ইয়াৰোপৰি উক্ত সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে তামুলপুৰৰ আয়ুক্ত কাৰ্যালয়ৰ বাবে ২৫ কোটি টকা, আৱৰ্ত ভৱনৰ বাবে ৫ কোটি, ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৫০ কোটি টকা অনুমোদনৰ ঘোষণা কৰে । সংবাদ মাধ্যমৰ আগত ৭ অক্টোবৰ তাৰিখে অসম আৰক্ষীত ৬ হেজাৰ চাকৰি ওলাব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই । তামুলপুৰ আৰু বাক্সা জিলাৰ ৰেচন কাৰ্ড বঞ্চিতসকলক বিশেষ কোটাৰ দ্বাৰা ৰেচন কাৰ্ড দিয়া হ'ব বুলিও উল্লেখ কৰে ।