বাক্সা, 22 নৱেম্বৰঃ বিটিচিত তীব্ৰতৰ নিৰ্বাচনী বতাহ ৷ প্ৰতিটো ৰাজনৈতিক দলেই বড়োভূমিক নিজৰ দখলত অনাৰ বাবে চলাই গৈছে প্ৰচাৰ সভা ৷ ইয়াৰ মাজতে দেওবাৰে সকলো জল্পনা কল্পনাৰ অন্ত পেলাই বিজেপি দলত যোগদান কৰিলে তামুলপুৰ বিধায়ক ইমানুৱেল মুছাহাৰী, সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷
কুমাৰীকাটাৰ 26 নং দৰঙাজুলীত অনুষ্ঠিত এক বিশাল সভাত আনুষ্ঠানিকভাৱে গেৰুৱা বসন বিন্ধে বিপিএফ দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী আৰু বিপিএফ দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ৷