বাক্সা,18 জুলাই : বাক্সাৰ 1 নং কালীপুৰত চৰকাৰী ঘৰ দিয়াৰ নামত ধন সংগ্ৰহ কৰিলে বিপিএফৰ ভিচিডিচিৰ সদস্যই ৷ বাক্সা জিলাৰ বিটিচিৰ 27 নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত 1 নং কালীপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷
চৰকাৰী আৱাসগৃহ দিয়াৰ নামত ধন সংগ্ৰহ বিপিএফৰ ভিচিডিচি সদস্যৰ গাঁওখনৰ লোকসকলে অভিযোগ কৰা অনুসৰি,PMGYৰ চৰকাৰী আৱাস,জব কাৰ্ড আৰু শৌচালয় দিয়াৰ নামত কেইবাটাও পৰিয়ালৰ 2ৰ পৰা 5 হাজাৰ টকা সংগ্ৰহ কৰি উধাও হ'ল 1নং ভিচিডিচিৰ সদস্য প্ৰেম প্ৰধান ওৰফে পুৰকে নেৱাৰে ।
আনহাতে,ৰাইজে দিয়া ভাষ্য অনুসৰি বিটিচি নিৰ্বাচনৰ অধিসূচনাৰ পূৰ্বে 1নং ভিচিডিচিৰ অধ্যক্ষগৰাকীয়ে 1 নং কালীপুৰৰ গাঁৱৰ ৰাইজৰ সৈতে আলোচনাত মিলিত হৈ ৰাইজক টকাসমূহ উভতাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু প্ৰতিশ্ৰুতি পূৰণ কৰা দূৰৰে কথা আজিলৈকে অধ্যক্ষগৰাকীয়ে কোনো ধৰণৰ খা-খবৰো নল'লে বুলি বিস্ফোৰক মন্তব্য কৰে গাঁওবাসীয়ে ৷
চৰকাৰী আৱাসগৃহ দিয়াৰ নামত ধন সংগ্ৰহ বিপিএফৰ ভিচিডিচি সদস্যৰ সেয়েহে ৰাইজে সংবাদ মাধ্যমৰ কাষ চাপি বিটিচিত হ'বলগীয়া নতুন চৰকাৰক দূৰ্ভগীয়া 1নং কালীপুৰ গাঁৱৰ ৰাইজৰ ফালে চকু দিবলৈ আহ্বান জনায়। উল্লেখ্য যে, 17 বছৰে বিপিএফ চৰকাৰে শাসন কৰা গাঁওখনক কোনো ধৰণৰ উন্নত ৰাস্তা-ঘাট আৰু চৰকাৰী আঁচনিয়ে চুব নোৱাৰিলে ।
লগতে পঢ়ক :জল জীৱন মিছনৰ বাবে গাওঁ পৰ্যায়ত কমিটী গঠন কৰিবলৈ নিৰ্দেশ ৰাজ্যসমূহক