বাক্সা,24 মে’: বাক্সাত পুনৰ অস্ত্ৰসহ এজন যুৱকক কৰায়ত্ত আৰক্ষীৰ ৷ দেওবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি বৰমা আৰক্ষী, সেনা বাহিনী আৰু চিআৰপিএফে যৌথ অভিযান চলাই আলাগঝাৰৰ ভৱেশ বৰ্মন নামৰ এজন যুৱকক কৰায়ত্ত কৰে ৷
বাক্সাত পুনৰ অস্ত্ৰসহ যুৱকক গ্ৰেপ্তাৰ - বাক্সাত পুনৰ অস্ত্ৰসহ যুৱক গ্ৰেপ্তাৰ
বাক্সাত অস্ত্ৰসহ যুৱক কৰায়ত্ত ৷ ধৃত যুৱকজনৰ পৰা আৰক্ষী, সেনা বাহিনী আৰু চিআৰপিএফে উদ্ধাৰ কৰে এটা ৭.৬৫ পিষ্টল, দুটা মেগজিন আৰু ৭ জাঁই সজীৱ গুলী ৷
![বাক্সাত পুনৰ অস্ত্ৰসহ যুৱকক গ্ৰেপ্তাৰ বাক্সাত পুনৰ অস্ত্ৰসহ যুৱক গ্ৰেপ্তাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11876959-thumbnail-3x2-a.jpg)
বাক্সাত পুনৰ অস্ত্ৰসহ যুৱক গ্ৰেপ্তাৰ
অভিযানকাৰী দলটোৱে যুৱকজনৰ পৰা উদ্ধাৰ কৰে এটা ৭.৬৫ পিষ্টল, দুটা মেগজিন আৰু ৭ জাঁই সজীৱ গুলী ৷ লগতে এএছ 01 ডিইউ 0724 নম্বৰৰ এখন মাৰুতী এল্ট’ বাহন জব্দ কৰে ৷ ধৃত ভৱেশ বৰ্মনৰ পৰা উদ্ধাৰ হোৱা অস্ত্ৰখিনি বাহনখনৰ চিটৰ তলত লুকুৱাই থোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, ধৃত ভৱেশ বৰ্মন গণ সুৰক্ষা পাৰ্টীৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে পৰিচিত ৷
লগতে চাওকঃআংশিক লকডাউনে জুৰুলা কৰিছে থলুৱা কৃষকক