বাক্সা, ২০ জুলাই :সোমবাৰে তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্ত (Indo-Bhutan border)ৰ বিভিন্ন অঞ্চলৰ পৰা গুজৰাটৰ বিভিন্ন মাছৰ ফেক্টৰী (fish factories in Gujrat)ত কাম দিয়াৰ প্ৰলোভনেৰে একাংশ দালালে গুজৰাটলৈ নিবলৈ প্ৰয়াস কৰে শিশুসহ কেইবাগৰাকী কিশোৰ-কিশোৰীৰ ৷ সেই সময়তে শিশু সহ ২২ গৰাকী কিশোৰ-কিশোৰী উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলভজ্যোতি নাথৰ নেতৃত্বত আৰক্ষীয়ে তালাচী চলাই মানৱ সৰবৰাহকাৰী চক্ৰটোৰে জড়িত দুজন লোকক আটক কৰাৰ লগতে শিশু সহ কিশোৰ-কিশোৰীসকলক উদ্ধাৰ কৰে ।
সোমবাৰে কুমাৰীকাটাৰ বালাহাটী গাঁৱৰ পৰা তিনিখন উইংগাৰ বাহনেৰে গুজৰাট অভিমুখে যাত্ৰা কৰাৰ সময়তে দলটোক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ আৰক্ষীয়ে ইতিমধ্যে মানৱ সৰবৰাহৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ থকা এই এজেন্ট সকলৰ ওপৰত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে । উদ্ধাৰ কৰা কিশোৰ-কিশোৰীসকলক ৱৰ্ল্ড ভিশ্যন ইণ্ডিয়া (World vision India) নামৰ সংস্থাৰ সহযোগত বাক্সা জিলা শিশু কল্যাণ সমিতিত হাজিৰ কৰোৱাৰ ব্যৱস্থা কৰিছে কুমাৰীকাটা আৰক্ষীয়ে (Kumarikata Police)।