বাক্সা, ২৯ ছেপ্টেম্বৰ:মানাহত কৰ্মৰত গৃহৰক্ষী বাহিনীৰ জোৱানসকল আজিও বঞ্চিত বৰ্ধিত প্ৰাপ্য দৰমহাৰ পৰা ৷ বিগত বৰ্ষতে গৃহৰক্ষী জোৱানৰ দৰমহা বৃদ্ধি পাইছিল যদিও মানাহৰ গৃহৰক্ষী জোৱানসকলক সেই দৰমহা আদায় নিদিয়াত শুক্ৰবাৰে জোৱানসকলে গ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী ৷ দীৰ্ঘদিন ধৰি মানাহত কৰ্মৰত হৈ আছে শতাধিক গৃহৰক্ষী বাহিনীৰ জোৱান ৷ বিভিন্ন প্ৰতিকুল পৰিস্থিতিৰ মাজতো হাতত ৰাইফল লৈ অৰণ্য-বন্যপ্ৰাণীৰ সুৰক্ষাত নিয়োজিত এইসকল জোৱান ৷ পিছে চৰম বঞ্চনাৰ বলি হৈ এইসকল জোৱানে আজি হাতত ল'ব লগা হৈছে প্ৰতিবাদী কাৰ্যসূচী,কৰ্মবিৰতিৰ পন্থা ৷
উল্লেখযোগ্য যে বিগত বৰ্ষতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে গৃহৰক্ষী বাহিনীৰ জোৱানৰ দৰমহা ২৩,০১০ টকালৈ বৃদ্ধি কৰ হৈছিল ৷ সেইমৰ্মে ৰাজ্যৰ আন গৃহৰক্ষী বাহিনীৰ জোৱানে বৰ্ধিত দৰমহা লাভ কৰি আহিছে যদিও মানাহত কৰ্মৰত ১২৬ গৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানে আজিও বঞ্চিত হৈ ৰৈছে বৰ্ধিত দৰমহা লাভৰ পৰা । তেওঁলোকে লাভ কৰিছে মাহেকত ৮,০০০ কৈ দৰমহা ৷
মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই নানা অচিলা দেখুৱাই জোৱানসকলক প্ৰাপ্য দৰমহা আদায় নিদিয়াত যোৱা ফেব্ৰুৱাৰীতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল । তেতিয়া মানাহ কৰ্তৃপক্ষই প্ৰাপ্য দৰমহা প্ৰদানৰ আশ্বাস দিছিল দিছিল যদিও সেয়া কাৰ্যকৰী নকৰাত ৰাষ্ট্ৰীয উদ্যানখনৰ বাঁহবাৰী, ভূঞাপাৰা, পানবাৰী আৰু কুকলু ৰেঞ্জত কৰ্মৰত মুঠ ১২৬ গৰাকী জোৱানে আজি মানাহৰ বাঁহবাৰী ৰেঞ্জ চৌহদত ধৰ্ণা তথা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি গ্ৰহণ কৰে ৷