অসম

assam

ETV Bharat / state

সমন্বয়ৰ বাৰ্তা কঢ়িয়াই বাক্সাৰ দীঘলদঙাত ৰাসোৎসৱ আৰম্ভ - শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা

বাক্সা জিলাৰ দীঘলদঙাত বৃহস্পতিবাৰৰ পৰা ব্যতিক্ৰমীভাৱে অনুষ্ঠিত হৈছে ৰাসোৎসৱ ৷ ৰাস মহোৎসৱখনিত অংশগ্ৰহণ কৰিছে হিন্দু-মুছলমান দুয়োটা ধৰ্মৰ লোকে ৷ মহোৎসৱথলীত ৰাধা-কৃষ্ণৰ যুগল মূৰ্তিৰ উপৰিও দশ অৱতাৰৰ লগতে বিভিন্ন দেৱ-দেৱীৰ মৃন্ময় মূৰ্তি স্থাপন কৰা হৈছে ৷

hindu-muslim-both-participate-in-raas-mahutsav-at-baksa
সমন্বয়ৰ বাৰ্তা কঢ়িয়াই বাক্সাৰ দীঘল দঙাত ৰাসোৎসৱ আৰম্ভ

By

Published : Nov 19, 2021, 9:46 PM IST

বাক্সা, 19 নৱেম্বৰ: মহামাৰী ক’ৰণা ভাইৰাছৰ প্ৰকোপ কিছু কম হোৱাত চৰকাৰী নীতি-নিৰ্দেষণাৰ মাজেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা ৷ বাক্সা জিলাৰ দীঘলদঙাতো বৃহস্পতিবাৰৰ পৰা ব্যতিক্ৰমীভাৱে অনুষ্ঠিত হৈছে ৰাসোৎসৱ ৷ তফাৎ পাহৰি ৰাস মহোৎসৱখনিত অংশগ্ৰহণ কৰিছে হিন্দু আৰু ইছলাম দুয়োটা ধৰ্মৰ লোকে ৷

সাতদিনীয়াকৈ সমন্বয় আৰু ভাতৃত্বৰ বাণীৰে জিলাখনৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত বিচি বজাৰ(দীঘলদঙা)ৰ ৰাস মন্দিৰৰ ৰাস উদযাপনস্থলীত অন্য এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা দেখা গৈছে ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল ৰক্ষা কৰি আয়োজন কৰা বিচি ব্লক-মাদুলীবাৰীৰ ৬৪ সংখ্যক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱখনৰ কাৰ্যসূচী অনুসৰি আজি পুৱা উদযাপন সমিতিৰ সভাপতি যতীন নাথে পতাকা উত্তোলনেৰে ৰাস মহোৎসৱৰ কাৰ্যসূচী শুভাৰম্ভ কৰে ৷

সমন্বয়ৰ বাৰ্তা কঢ়িয়াই বাক্সাৰ দীঘলদঙাত ৰাসোৎসৱ আৰম্ভ

ইয়াৰ পিছতেই স্মৃতি তৰ্পন, মাল্যাৰ্পণ, গছপুলি ৰোপনৰ লগতে বৰবৰী আৰক্ষী থানা এলেকাৰ গাওঁৰক্ষী বাহিনীৰ দ্বাৰা চাফাই অভিযান কৰা হয় ৷ সন্ধিয়া ৬ বজাত মুখ্যদ্বাৰ মুকলি কৰে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনস্যাম দাসে ৷ দ্বাৰ মুকলি কৰি কাৰ্যবাহী সদস্যজনে কয়, ৰাস-পূজা ইত্যাদি সমন্বয়ৰ প্ৰতীক ৷ লগতে তেও সকলোকে ক’ভিড প্ৰট'কল মানি ৰাস উপভোগ কৰিবলৈ আহ্বান জনায় ৷ ৰাস মন্দিৰৰ দ্বাৰ মুকলি কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জিতেন্দ্ৰ নাথ দাসে ৷ উল্লেখ্য যে, বৈদিক নীতি নিয়মৰ মাজেৰে মহোৎসৱথলীত ৰাধা-কৃষ্ণৰ যুগল মূৰ্তিৰ উপৰিও দশ অৱতাৰৰ লগতে বিভিন্ন দেৱ-দেৱীৰ মৃন্ময় মূৰ্তি স্থাপন কৰা হয় ৷

লগতে পঢ়ক:দক্ষিণপাট সত্ৰৰ ১৮১ সংখ্যক ৰাস মহোৎসৱ উপভোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ABOUT THE AUTHOR

...view details