অসম

assam

ETV Bharat / state

হাগ্ৰামা মহিলাৰী মেকুৰীঃ হিমন্ত বিশ্ব শৰ্মা - হাগ্ৰামা মহিলাৰীক আক্রমণ

বাক্সাৰ মথনগুৰিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ ৷ সভাৰ মাজতেই হাগ্ৰামাক সমালোচনা মন্ত্ৰীগৰাকীৰ ৷

হাগ্ৰামা মহিলাৰী মেকুৰীঃ হিমন্ত বিশ্ব শৰ্মা
হাগ্ৰামা মহিলাৰী মেকুৰীঃ হিমন্ত বিশ্ব শৰ্মা

By

Published : Nov 16, 2020, 6:41 AM IST

Updated : Nov 16, 2020, 10:58 AM IST

বৰমা, 16 নবেম্বৰ :বিটিচি নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আৰম্ভ হৈছে প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী কুচকাৱাজ । দেওবাৰে বাক্সাৰ শালবাৰীৰ বটতলাত 20 নং মথনগুৰী পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী গৌতম দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

উক্ত সভাত হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক আক্রমণ কৰি কয় যে, দিল্লীৰ পৰা অহা,দিশপুৰৰ পৰা অহা টকাবোৰ কোনে খালে, পিঠা কোনে খায়, মেকুৰীহে খায় ৷ বিটিচিত এতিয়া মেকুৰীৰ শাসন চলি আছে ৷ হাগ্ৰামা মহিলাৰীয়ে কোৱাৰ দৰে দিশপুৰৰ চৰকাৰ আমি গঠন কৰি দি আছো বুলি মৰা দম্ভ এতিয়াৰে পৰা নোহোৱা হ'ব ৷ এতিয়াৰে পৰা বিটিএডিত বিজেপিৰ চৰকাৰ হ'ব ৷ ৰাইজে বুজি পাইছে যে বিটিএডিত কোনে কি কাম কৰি আছে ৷

হাগ্ৰামা মহিলাৰী মেকুৰীঃ হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্যে যে, বিটিচিত বিজেপি-বিপিএফৰ মিত্ৰজোঁট থকাৰ পিচটো হিমন্ত আৰু হাগ্ৰামাৰ পৰস্পৰ বিৰোধী মন্তব্যই পৰিষদীয় নিৰ্বাচনৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনটো যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷ বিগত 15 বছৰে বিটিচি শাসন কৰা বিপিএফে এইবাৰ বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসংগ এৰাই চলাৰ লগতে নিজাকৈ পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ একেদৰেই বিজেপিয়েও বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফৰ সৈতে মিত্ৰতা পৰিহাৰ কৰি নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৷ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামাৰ বাকযুদ্ধ বিগত কেইদিনমানৰ পৰা তীব্ৰতৰ হৈ পৰিছে ৷

লগতে পঢ়ক :মন্ত্ৰী হিমন্তক তুলাধুনা হাগ্ৰামাৰ

Last Updated : Nov 16, 2020, 10:58 AM IST

ABOUT THE AUTHOR

...view details