অসম

assam

ETV Bharat / state

Bridge over Pagladia river : 75 বছৰীয়া অভাৱ দূৰ কৰাৰ উদ্দেশ্যে আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

75 বছৰীয়া এক অভাৱ দূৰ হোৱাৰ দিশে আগবাঢ়িছে ৷ বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাক্সাত আধাৰশিলা স্থাপন কৰিলে এখন দলঙৰ (Foundation stone of bridge in Baksa)৷

By

Published : Dec 7, 2022, 7:27 PM IST

Bridge over Pagladia rive
75 বছৰীয়া অভাৱ দূৰ কৰাৰ উদ্দেশ্যে আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

বাক্সা, ৭ ডিচেম্বৰ : স্বাধীনতাৰ 75 বছৰ উপলক্ষে সমগ্ৰ দেশে উদযাপন কৰি আছে অমৃত মহোৎসৱ (75 years of independance)৷ দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পাছতহে বাক্সাৰ পাগলাদিয়া নদীৰ ওপৰত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন হ’ল৷ বাক্সা-তামুলপুৰ সংযোগী জালাহ-কুমাৰীকাটা সংযোগী পথৰ খৈৰাণীত নিৰ্মাণ হ'বলৈ আগবাঢ়িছে এখন পকী দলং (Jalah Kumarikata Bridge)৷

75 বছৰীয়া অভাৱ দূৰ কৰাৰ উদ্দেশ্যে আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে দলংখনৰ আধাৰশিলা স্থাপন কৰিলে ৷ প্ৰায় ২৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব ৮৬০ মিটাৰ দৈৰ্ঘৰ দলংখন ৷ যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে (Bridge over Pagladia river in Baksa)৷

উল্লেখ্য যে পাগলাদিয়া নদীৰ ওপৰত বছৰ বছৰ ধৰি এখন দলং নিৰ্মাণ নোহোৱাত বাক্সা আৰু তামুলপুৰ জিলাৰ জনসাধাৰণে যাতায়তৰ নামত জীয়াতু ভোগ কৰি আহিছিল ৷ বাৰিষা হ’লেই ভীষণ সমস্যাৰ সৃষ্টি হয় যাতায়তৰ ক্ষেত্ৰত৷ ফলত গাঁথিৰ ধন ভাঙি অঞ্চলবাসীয়ে নদীখনৰ পানীৰ মাজেৰে পাৰ কৰে নিজৰ দুচকীয়া বাহন ৷

কিন্তু বিগত বিধানসভা নিৰ্বাচনৰ সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তদানীন্তন স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পাগলাদিয়া নদীৰ ওপৰত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ সেইমৰ্মে পৰৱৰ্তী সময়ৰ কেবিনেট বৈঠকত দলং নিৰ্মাণৰ বাবে সিদ্ধান্তও গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে৷ বুধবাৰে অৰ্থাৎ 7 ডিচেম্বৰত প্ৰস্তাৱিত দলংখনৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

এটা দীৰ্ঘদিনীয়া সমস্যা ওৰ পৰাৰ আশা দেখুওৱা দলংখনৰ আধাৰশিলা নিৰ্মাণৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত দেখা গৈছে ব্যাপক উচাহ ৷ উল্লেখ্য যে আধাৰশিলা অনুষ্ঠানটোত উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো(BTR chief Pramod Bodo), বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী ইউ জি ব্ৰহ্ম, মন্ত্ৰী কেশৱ মহন্ত, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োকে ধৰি বহু লোক ৷

লগতে পঢ়ক :MCD Election results: বিজেপিৰ স্বপ্ন ভংগ কৰি আপৰ দখলত দিল্লী পৌৰ নিগম

ABOUT THE AUTHOR

...view details