অসম

assam

ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰত প্ৰতিশ্ৰুতিৰ বন্যা হিমন্তৰ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বিপিএফ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মন্ত্ৰীগৰাকীয়ে 40 টকা মূল্যৰ কেৰাচিন আৰু চেনি ক্ৰমে 15 আৰু 20 টকাত ৰাইজলৈ আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে উপস্থিত ৰাইজক ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বড়ো - অবড়োৰ প্ৰসঙ্গ টানি অনা বুলি কোকৰাঝাৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াক তীব্ৰ আক্ৰমণ কৰে মন্ত্ৰীগৰাকীয়ে ৷

HIMANTA BISWA SARMA'S ELECTION CAMPAIGN

By

Published : Apr 19, 2019, 5:49 PM IST

বাক্সা, 19 এপ্ৰিল: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন সমাগত হোৱাৰ সময়তে শুকুৰবাৰে বাক্সা জিলাৰ জালাহত কোকৰাঝাৰ সমষ্টিৰ বিপিএফ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মৰ হৈ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ভাষণৰ আৰম্ভণিতে বিজেপিৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে এইবাৰ 40 টকা মূল্যৰ কেৰাচিন আৰু চেনি ক্ৰমে 15 আৰু 20 টকাত ৰাইজলৈ আগবঢ়াব ৷ ইয়াৰোপৰি উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক বেটাৰী চালিত স্কুটী প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ লগতে প্ৰতিগৰাকী বিধৱা মহিলাক 25 হাজাৰ টকা সাহাৰ্য্য প্ৰদানৰ কথাও উল্লেখ কৰে ৷

HIMANTA BISWA SARMA'S ELECTION CAMPAIGN

আনহাতে, ভাষণ প্ৰসঙ্গত মন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা জনগোষ্ঠীয় ঐক্যমঞ্চৰ প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াক তীব্ৰ আক্ৰমণ কৰি কয় যে বড়ো - অবড়োৰ প্ৰসঙ্গ তুলি অবড়ো ৰাইজক সুৰক্ষা দিয়াৰ কথা কোৱা শৰণীয়া চিআৰপিএফ কামান্ডাৰ নে অসমৰ মুখ্যমন্ত্ৰী বুলিও প্ৰশ্ন তুলে ৷ নিজে পুলিচৰ পিএছঅ' লৈ ঘূৰি ফুৰা শৰণীয়াই ৰাইজৰ কি সুৰক্ষা দিব বুলিও প্ৰশ্ন উত্থাপন কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ বিটিচি ৰাইজক সকলো সময়তে সুৰক্ষা প্ৰদান কৰিবৰ বাবে ৰাজ্য চৰকাৰ সকলো সময়তে আছে আৰু শৰণীয়া মাত্ৰ এজন সাংসদহে বুলিও কটাক্ষ কৰে ৷ নৱ শৰণীয়াক কুলি চৰাইৰ লগত তুলনা কৰাৰ লগতে নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বড়ো - অবড়োৰ প্ৰসঙ্গৰে ৰাইজৰ মন জয়ৰ বাবে ভুমুকি মাৰে বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details