বাক্সা,১০ নৱেম্বৰ :উজনি-নামনি সকলোতে এতিয়া ৰাসক লৈ ব্যাপক উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে (Raas Festival in Assam)। নলবাৰীকে ধৰি নামনি অসমৰ বিভিন্ন জিলাত ব্যাপকভাৱে উদযাপন কৰা হৈছে ৰাস মহোৎসৱ । ইফালে প্ৰতিখন ৰাস সমিতিয়ে ভক্তৰ আমোদৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰিছে ।
ৰাইজক আমোদ দিয়াৰ উদ্দেশ্যে সমিতিসমূহে আনন্দ মেলা, থিয়েটাৰ আদি আমন্ত্ৰণ জনাইছে । পিছে ইয়াৰ মাজতে বাক্সাত আজৱ ঘটনা সংঘটিত হৈছে । আগধন লৈ নাট মঞ্চস্থ কৰিবলৈ নাহিল ভ্ৰাম্যমাণ দল । যাক লৈ এতিয়া বিবুদ্ধিত পৰিছে ৰাস পৰিচালনা সমিতি (Tense situation in Baksa Raas festival)।
এই ঘটনাবাক্সাৰ গোলাগাঁৱৰ । গোলাগাঁৱত ৬৩ সংখ্যক ৰাস মহোৎসৱত নাট প্ৰদৰ্শনৰ বাবে সমিতিয়ে আমন্ত্ৰণ জনাইছিল হিমাদ্ৰী থিয়েটাৰ গোষ্ঠীক । বিগত মাৰ্চ মাহতে সমিতিৰ সৈতে চুক্তিবদ্ধ হৈছিল লখিমপুৰৰ মাধৱপুৰৰ পৰা আত্মপ্ৰকাশ কৰা ভ্ৰাম্যমাণ নাট্যদল থিয়েটাৰ হিমাদ্ৰী ৷ নাট প্ৰদৰ্শনৰ বাবে ৰাস মহোৎসৱ সমিতিৰ পৰা আগধন হিচাপে লৈছিল পঞ্চাশ হাজাৰ টকা ৷