অসম

assam

ETV Bharat / state

আত্মীয়ৰ জীৱন বচাবলৈ গৈ নিজৰ জীৱনলৈ বিপদ মাতিলে হেমন্তই

বাক্সাৰ এগৰাকী যুৱকৰ কৰুণ কাহিনী ৷ শালপতিৰ জীৱন বচাবলৈ গৈ নিজেই এতিয়া মৃত্যুমুখী ৷ প্ৰতিশ্ৰুতি দিও এতিয়া শালপতিয়ে খবৰ নলয় যুৱকজনৰ ৷ বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত থমনাৰ ৰায়পুৰৰ এই গৰাকী যুৱক নাম হেমন্ত ৰয় ৷

By

Published : Oct 14, 2020, 1:16 PM IST

treatment
treatment

বৰমা, ১৪ অক্টোবৰ :আত্মীয়ক জীৱন দান দিবলৈ গৈ এতিয়া দিশহাৰা এগৰাকী যুৱক ৷ নিজৰ মৃত্যুমুখী শালপতিক এটা কিডনী দান দি এতিয়া নিজে তিল তিলকৈ আগবাঢ়িছে মৃত্যু মুখলৈ ৷ প্ৰতিশ্ৰুতি দিও এতিয়া শালপতিয়ে খবৰ নলয় যুৱকজনৰ ৷ বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত থমনাৰ ৰায়পুৰৰ এই গৰাকী যুৱক নাম হেমন্ত ৰয় ৷ ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত এইগৰাকী হেমন্ত ৰয়ে নিজৰ শালপতিক দান কৰিছিল এটা কিডনী ৷ হোজাই জিলাৰ লামডিংৰ বাসিন্দা তথা ৰেল বিভাগৰ কৰ্মচাৰী ৰতনলাল মজুমদাৰে প্ৰতিশ্ৰুতি দিছিল হেমন্ত ৰয়ক ৷ প্ৰথম অৱস্থাত চিকিৎসাৰ নামত একলাখ টকা দি পৰৱৰ্তী সময়ত পৰিয়ালটোক সহায় কৰিব ৷ সেই প্ৰতিশ্ৰুতি অনুসৰি দুই সন্তানৰ পিতৃ হেমন্ত ৰয়ে শালপতি ৰতনলাল মজুমদাৰক প্ৰদান কৰিছিল নিজৰ এটা কিডনী ৷

আত্মীয়ৰ জীৱন বচাবলৈ গৈ নিজৰ জীৱন হেৰুওৱাৰ পথত হেমন্ত

পিচে সেইগৰাকী শালপতি ৰতনলালে পাহৰিলে হেমন্তক দিয়া প্ৰতিশ্ৰুতি ৷ দিনে দিনে দুৰ্বল হৈ পৰা হেমন্তৰ কোনো খবৰ নলয় ৰতনলালে ৷ ফোন কৰিলেও দিয়ে দাবী ধমকি ৷ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা হেমন্ত এতিয়া দিশহাৰা ৷ পত্নী আৰু দুই সন্তানক লৈ এতিয়া চিন্তিত ৷ দুৰ্বল হোৱা বাবে এতিয়া গাঁৱৰ মানুহেও নামাতে কাম কৰিবলৈ ৷ আনৰ জীৱন বচাবলৈ গৈ এতিয়া নিজেই মৃত্যুমুখী এইগৰাকী যুৱক ৷

নিজৰ শালপতিয়ে কৰা প্ৰৱঞ্চনাই হতাশ কৰি তুলিছে হেমন্তক ৷ যাৰবাবে হেমন্তই এতিয়া শালপতি ৰতনলালে কৰা প্ৰৱঞ্চনাৰ বিৰুদ্ধে আইনৰ আশ্ৰয় গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে ৷ আনৰ বাবে নিজৰ জীৱন উচৰ্গা কৰা হেমন্তই বিচাৰিছে ৰাইজৰ সহায় ৷ হয়তো আপোনাৰ মোৰ কিঞ্চিৎ সহায়ে হেমন্তৰ লগতে পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাব ৷ যদি সহায় কৰিব বিচাৰে তেন্তে ভাৰতীয় ষ্টেট বেংকৰ শিলপুখুৰী শাখাৰ একাউন্ট নং 34422907109, আই এফ চি SBIN005606 ত আৰ্থিক অনুদান আগবঢ়াব পাৰে ৷

লগতে পঢ়ক :আলফা (স্বা)ৰ তিনি কেডাৰৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details