বাক্সা, 10 মে':এগৰাকী অতুলনীয়, অন্যন্যা মাতৃৰ নিদৰ্শন বহন কৰিছে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভোলাবটাবাৰীৰ পদুমী কলিতাই । বিশেষভাৱে সক্ষম পুত্ৰ অমল কলিতাৰ সৈতে পদুমী কলিতাই কটাইছে এক দুৰ্বিষহ জীৱন । পুত্ৰৰ জন্মৰ পিচতে স্বামীহাৰা হোৱা মহিলা গৰাকীয়ে আজিও আশা কৰি ৰৈছে, এদিন সুস্থ হৈ উঠিব পুত্ৰ ।
বিশেষভাৱে সক্ষম পুত্ৰক লৈ অসহায় হৈ পৰা এগৰাকী মাতৃ.. - বাক্সা
পুত্ৰক সুস্থ কৰি তোলাৰ আশাৰে সুদীৰ্ঘ সময়ে বাট চাই ৰৈছে এগৰাকী মাতৃ । বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভোলাবটাবাৰীৰ পদুমী কলিতা নামৰ মহিলাগৰাকী বিশেষভাৱে সক্ষম পুত্ৰক লৈ এতিয়া অসহায় হৈ পৰিছে ।
![বিশেষভাৱে সক্ষম পুত্ৰক লৈ অসহায় হৈ পৰা এগৰাকী মাতৃ.. helpless woman of baksa](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7137508-thumbnail-3x2-kk.jpg)
helpless woman of baksa
বাক্সাৰ এগৰাকী অসহায় মাতৃ
আৰ্থিক দৈন্যতাই জুৰুলা কৰা মহিলা গৰাকী বৰ্তমান পুত্ৰক লৈ বাস কৰি আছে আত্মীয়ৰ গৃহত । পুত্ৰক উন্নত চিকিৎসা কৰাবলৈ বাট বিচাৰি নোপোৱা পদুমী কলিতাক প্ৰয়োজন সকলোৰে সহায়ৰ । যদিহে কোনো লোকে এই অসহায় মহিলা গৰাকীক সহায় কৰিব বিচাৰে তেন্তে মহৰিপাৰা CBI শাখাৰ একাউণ্ট নম্বৰ 3538102614আৰুIFSC CODE 0282253তকিছু আৰ্থিক সাহায্য দিয়াৰ ওপৰিও, 60030-72486 অথবা 99571 83812নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পাৰিব ।
লগতে পঢ়কঃচৰকাৰে নিদিয়ে : ৰাইজে গাঁঠিৰ ধনেৰে ৰোধিছে খহনীয়া !