অসম

assam

By

Published : May 2, 2021, 3:26 PM IST

ETV Bharat / state

8 টা বছৰে ন্যায়ৰ অপেক্ষাত বিটিআৰৰ দুৰ্ভগীয়া পৰিয়াল

8 টা বছৰ পাৰ হ'ল 2014 চনৰ 1-2 মে'ত বিটিচিত সংঘটিত হত্যালীলাৰ ৷ 2014 চনৰ 1 মে'ত বাক্সা জিলাৰ শালবাৰী মহকুমাৰ নৰশিংহবাৰীত উগ্ৰপন্থীৰ গুলীবর্ষণত তিনি 3 জনকৈ নিৰীহ লোকৰ মৃত্যু আৰু দুজন শিশু গুৰুতৰভাৱে আহত হৈছিল ৷ ইয়াৰ পিছতে 2 মে'ত পুনৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ নাৰায়ণগুৰিত 39 জনকৈ নিৰীহ শিশু আৰু মহিলাক পৰিকল্পিতভাৱে উগ্ৰপন্থীয়ে পৃথক ৰাজ্যৰ দাবীৰে যুদ্ধ সফল কৰাৰ স্বাৰ্থত বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিছিল ৷ কিন্তু পৰিতাপৰ কথা যে, আজিও ন্যায় নাপালে সেই ভুক্তভোগী পৰিয়ালৰ লোকসকলে ৷

Helpless family of Btc
8টা বছৰেই ন্যায় নাপালে বিটিচিৰ দুৰ্ভগীয়া পৰিয়ালে

বাক্সা,2 মে':8টা বছৰ পাৰ হ'ল 2014 চনৰ 1 মে' আৰু 2মে' ত বিটিচিত সংঘটিত হত্যালীলাৰ ৷ 2014 চনৰ 1 মে'ত বাক্সা জিলাৰ শালবাৰী মহকুমাৰ নৰশিংহবাৰীত উগ্ৰপন্থীৰ গুলীবর্ষণত তিনি 3 জনকৈ নিৰীহ লোকৰ মৃত্যু আৰু দুজন শিশু গুৰুতৰভাৱে আহত হৈছিল ৷ ইয়াৰ পিছতে 2মে'ত পুনৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ নাৰায়ণগুৰিত 39 জনকৈ নিৰীহ শিশু আৰু মহিলাক পৰিকল্পিতভাৱে উগ্ৰপন্থীয়ে পৃথক ৰাজ্যৰ দাবীৰে যুদ্ধ সফল কৰাৰ স্বাৰ্থত বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিছিল ৷ কিন্তু পৰিতাপৰ কথা যে, আজিও ন্যায় নাপালে সেই ভুক্তভোগী পৰিয়ালৰ লোকসকলে ৷ যাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি সাকিল আহমেদৰ নেতৃত্বত বাক্সা জিলা আমছুৰ এটি সঁজাতি দল নৰশিংহবাৰীত ভুক্তভোগী পৰিয়ালৰ কেইটাৰ কাষত উপস্থিত হয় ৷

8 টা বছৰে ন্যায়ৰ অপেক্ষাত বিটিআৰৰ দুৰ্ভগীয়া পৰিয়াল

জিলা সমিতিৰ সভাপতি ছাইফুল ইছলাম খানে সাংবাদিকৰ আগত অভিযোগ কৰি কয়, সেই সময়ৰ কংগ্ৰেছ চৰকাৰে আৰু বিটিএডিত বিপিএফ চৰকাৰে ঘোষণা কৰা সাহাৰ্য আজিপৰ্যন্ত দুৰ্ভগীয়া পৰিয়াল কেইটাক নিদিলে ৷ ইয়াৰোপৰি হত্যাকাৰীসকলে আজিও মুকলি আকাশৰ তলত মুক্ত বিচৰণ কৰি আছে ৷ গতিকে বৰ্তমানৰ চৰকাৰক অচিৰেই উপযুক্ত ক্ষতিপুৰণ আৰু হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে আমছুৱে৷ আনহাতে,এই সঁজাতি দলটোত আছিল আমছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক আব্দুৰ ৰহিম, জিলা উপ-সভাপতি ছামছুল হক, আফছাৰ আলী, শিক্ষা ও আলোচনী সম্পাদক আছুৰ উদ্দিন, সদস্য আব্বাছ আলী, খুশ্ৰাবাৰী আঞ্চলিক সমিতিৰ সভাপতি ছুলতান মামুদ, নৰশিংহবাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মঞ্জিৰুল হক, খাৰিজা বিজনী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ওমৰ ফাৰুক ৷

লগতে পঢ়ক:ৰাজ্যত পুনৰ ফুলিব পদুম:সুমন হৰিপ্ৰিয়া

ABOUT THE AUTHOR

...view details