অসম

assam

ETV Bharat / state

তামুলপুৰৰ স্বাস্থ্যকেন্দ্ৰত উপস্থিত পীয়ুষ হাজৰিকা - assam news

সোমবাৰে তামুলপুৰ মহকুমাৰ দুখনকৈ চিকিৎসালয় পৰিদৰ্শন কৰিলে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই ৷ মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে স্বাস্থ্য সঞ্চালক ড0 অচ্যুত কুমাৰ বৈশ্য, তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰী আৰু বাক্সা জিলা উপায়ুক্ত ভাস্কৰ পেগুসহ বিটিচিৰ ই এম দেবেন বড়ো ৷

তামুলপুৰৰ স্বাস্থ্যকেন্দ্ৰত উপস্থিত পিযুষ হাজৰিকা

By

Published : Jul 8, 2019, 8:42 PM IST

বাক্সা, 8 জুলাইঃ বাক্সাৰ তামুলপুৰৰ দুখনকৈ স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ সোমবাৰে তামুলপুৰ মহকুমাৰ দুখনকৈ চিকিৎসালয় পৰিদৰ্শন কৰিলে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা ৷ মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে স্বাস্থ্য সঞ্চালক ড0 অচ্যুত কুমাৰ বৈশ্য তামুলপুৰৰ বিধায়ক ইমানুৱেল মছাহাৰী আৰু বাক্সা জিলা উপায়ুক্ত ভাস্কৰ পেগুসহ বিটিচিৰ ই এম দেবেন বড়ো ৷ মন্ত্ৰী গৰাকীয়ে প্ৰথমে তামুলপুৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ পৰিদৰ্শন কৰি চিকিৎসালয় খনৰ অপৰিস্কাৰ অৱস্থা প্ৰত্যক্ষ কৰি আচৰিত হয় ৷ শীঘ্ৰে চিকিৎসালয়ৰ প্ৰসূতি গৃহ ঔষধৰ ষ্টোৰ সহ চিকিৎসালয় খনৰ সকলো ব্যৱস্থাৰ বুজ লৈ চাফ-চিকুণৰ প্ৰতি গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে ৷

তামুলপুৰৰ স্বাস্থ্যকেন্দ্ৰত উপস্থিত পিযুষ হাজৰিকা

আনহাতে, শেহতীয়াভাৱে জাপানী এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ সম্পৰ্কত চিকিৎসক আৰু মহকুমা চিকিৎসা বিষয়াক সকলো ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৷ ৰোগীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ স্বাৰ্থত চিকিৎসক সকলক সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে ৷ পাচত তামুলপুৰ সামুহিক চিকিৎসা কেন্দ্ৰলৈ গৈ মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়খনৰ অধীক্ষক ভানু কছাৰীৰ পৰা বুজ লয় ৷ চিকিৎসা কেন্দ্ৰটোত বহুদিন ধৰি চিকিৎসক সকলে ভালকৈ কৰ্তব্য পালন নকৰাৰ অভিযোগ অনুসৰি চিকিৎসক সকলক কৈফিয়ৎ তলৱ কৰে ৷ লগতে চিকিৎসক সকলৰ গাফিলতি ধৰা পেলাই জিলা উপায়ুক্ত, বিধায়ক, স্বাস্থ্য সঞ্চালকৰ সন্মুখতে মন্ত্ৰী গৰাকীয়ে সকিয়নী দি নিজৰ কৰ্তব্য পালন কৰিবলৈ সোঁৱৰাই দিয়ে ৷ তামুলপুৰৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰাৰো মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

ABOUT THE AUTHOR

...view details