বাক্সা,29 নৱেম্বৰ :এতিয়া বিটিআৰ উথপথপ নিৰ্বাচনক কেন্দ্ৰ কৰি ৷ হাজাৰ ব্যস্ততাকো নেওচি এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ শনিবাৰে বিটিচিৰ 27 নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী ধৰ্ম নাৰায়ণ দাসৰ হৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ বিটিচিত বিপিএফক ওফৰাই শাসনৰ বাঘজৰী বিজেপিৰ হাতলৈ অনাটোৱে এতিয়া একমাত্ৰ লক্ষ্য মন্ত্ৰীগৰাকীৰ ৷
অৱধাৰিতভাৱে প্ৰতিশ্ৰুতিৰ ফুলজাৰি বোৱাই কাউলী হাইস্কুল খেলপথাৰত মন্ত্ৰীগৰাকীয়ে সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী ভাষণ প্ৰদান কৰে ৷ বিটিচিত পঞ্চায়তীৰাজ শাসন ব্যৱস্থা স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ পৰিৱৰ্তে বিটিআৰত সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হোৱাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰী শৰ্মাই ৷