অসম

assam

ETV Bharat / state

বাক্সাত যৌতুকৰ দাবীৰে নিৰ্যাতন পত্নীক - নিৰ্যাতন

ম’বাইল প্ৰেমে পুনৰ ধ্বংসৰ দিশে লৈ গৈছে একাংশ লোকৰ জীৱন ৷ বাক্সাত এগৰাকী যুৱতী ম’বাইলৰ জৰিয়তে চিনাকী হোৱা যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত সম্প্ৰতি সন্মুখীন হৈছে নিৰ্যাতনৰ ৷ যুৱতীগৰাকীৰ স্বামী গৌতম বৰ্মনে পত্নীৰ পৰা নগদ ধন বিচাৰি নিৰ্যাতন চলোৱা অভিযোগ উত্থাপন হৈছে ৷ ঘটনা প্ৰসংগত নিৰ্যাতিতাই দাখিল কৰিছে এজাহাৰ ৷

Harassment on wife due to dowry barama baksa assam etv bharat news
যৌতুকৰ দাবীৰে নিৰ্যাতন

By

Published : Jun 1, 2020, 4:00 PM IST

বৰমা,1 জুন:প্ৰথমে মিচ কল,তাৰপিছত চিনাকী আৰু পৰৱৰ্তী সময়ত প্ৰেমৰ প্ৰস্তাৱ ! ৰাজ্যৰ পুনৰ ম’বাইল প্ৰেমৰ জালত পৰি দিশহাৰা হোৱাৰ উপক্ৰম হৈছে বাক্সাৰ এগৰাকী যুৱতী ৷ ঘটনাৰ বিৱৰণী অনুসৰি,জিলাখনৰ কুমাৰ পাৰাৰ এগৰাকী যুৱতীৰ লগত ম’বাইলযোগে চিনাকী হয় বৰমাৰ কদমতলা গাঁৱৰ গৌতম বৰ্মন নামৰ এজন যুৱকৰ ৷ যুৱকজনে যুৱতীগৰাকীক প্ৰেমৰ জালত পেলাই বিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে হোৱাটছ এপ যোগে গহনাৰ ডিজাইন প্ৰেৰণ কৰে ৷ তদুপৰি গৌতমে মহানগৰীত বৈদ্যুতিক ওৱেৰিঙৰ কাম কৰা বুলি ভুৱা পৰিচয় দিয়ে যুৱতীগৰাকীক ৷ যুৱতীগৰাকীয়ে গৌতমৰ চাকৰিৰ লগতে গহনাৰ ডিজাইনত ভোল গৈ প্ৰেমৰ প্ৰস্তাৱত সন্মতি প্ৰদান কৰে ৷ বিগত মাঘত যুৱতীগৰাকীয়ে গৌতমৰ লগত যুগ্ম জীৱনৰ পাতনি মেলে ৷

যৌতুকৰ দাবীৰে নিৰ্যাতন

ইপিনে,বিয়াৰ পিছত গৌতমৰ প্ৰকৃত পৰিচয় ধৰা পৰে পত্নীৰ আগত ৷ লগতে গৌতমে পত্নীৰ পৰিয়ালৰ পৰা নগদ 50,000 টকা বিচাৰি আৰম্ভ কৰে শাৰীৰিক নিৰ্যাতন ৷ বিগত 31 মে’ৰ দিনা যুৱতীগৰাকী দেউলগুৰীৰ মাহীয়েকৰ ঘৰত থকাৰ পিছতো স্বামী গৌতমে পত্নীক মাতি আনি পিতৃগৃহৰ পৰা দাবী কৰা ধন অনাৰ নিৰ্দেশ দিয়াৰ লগতে শাৰীৰিকভাৱে নিৰ্যাতন চলায় ৷ এই ঘটনাৰ সাক্ষী হয় বহু স্থানীয় লোক ৷ অৱশেষত নিৰ্যাতিতা পত্নীয়ে বৰমা আৰক্ষী থানাত স্বামীৰ বিৰুদ্ধে ৰুজু কৰে এক গোচৰ ৷ সম্প্ৰতি ন্যায়ৰ অপেক্ষাত আছে নিৰ্যাতিতা যুৱতী গৰাকী ৷

লগতে চাওকঃপ্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ সপোনক বাস্তবায়িত কৰাৰ দিশে ৰঙিয়াবাসী

For All Latest Updates

ABOUT THE AUTHOR

...view details