বাক্সা, 13 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিৰ দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ একপ্ৰকাৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কঁকালত টঙালি বান্ধিছে ৰাজনৈতিক দলসমূহে ৷ বিভিন্ন সভা-সমিতি, ৰেলী অনুষ্ঠিত কৰি দলীয় শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে সকলো ৰাজনৈতিক দলে (BPF rally and Public Meeting in Baksa) ৷
আগন্তক লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে বি পি এফ দলে ৷ 2024 ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে জনজাগৰণ সভা আৰু পদযাত্ৰা কাৰ্যসূচীৰে শক্তি প্ৰদৰ্শন হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ ৷ দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰিবলৈ এতিয়া BPF দলে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে জনজাগৰণ সভা আৰু পদযাত্ৰা কাৰ্যসূচী ৷ ইতিমধ্যে বিটিআৰৰ বিভিন্ন স্থানত ধাৰাবাহিকভাৱে জনজাগৰণ সভা আৰু পদযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছে দলটোৱে (BPF public rally in Baksa) ৷
বুধবাৰে বাক্সা জিলাৰ দিহিৰা আৰু মুছলপুৰত জনজাগৰণ সভা অনুষ্ঠিত কৰে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে ৷ বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দলীয় কৰ্মীৰ সৈতে প্ৰায় চাৰি কিঃমিঃ পদযাত্ৰাৰে কাৰ্যসূচীত উপস্থিত হয় ৷ সহস্ৰাধিক লোকে হাগ্ৰামা মহিলাৰী জিন্দাবাদ, বিপিএফ লং লিভ, ইউপিপিল গ' বেক আদি শ্ল'গানেৰে পদযাত্ৰাত অংশগ্ৰহণ কৰে (BPF hold public rally in Baksa) ৷