অসম

assam

By

Published : Dec 3, 2020, 9:32 PM IST

ETV Bharat / state

বিশ্বজিৎ দৈমাৰীক ক্ষুৰধাৰ সমালোচনা হাগ্ৰামাৰ

৯৯ ৰ শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ নামত শিক্ষক সকলৰ পৰা প্ৰায় চাৰি কোটি টকা সংগ্ৰহ কৰি আত্মসাৎ কৰিছে বিশ্বজিৎ দৈমাৰীয়ে । নাগ্ৰিজুলি পৰিষদীয় সমষ্টিৰ কাউলীত বৃহস্পতিবাৰে বিপিএফ দলৰ ৰাজহুৱা সভাত এই মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

btc election
btc election

বাক্সা, ৩ ডিচেম্বৰ : বাক্সা জিলাৰ ২৭ নং নাগ্ৰিজুলি পৰিষদীয় সমষ্টিৰ কাউলীত বৃহস্পতিবাৰে বিপিএফ দলৰ এক বিৰাট ৰাজহুৱা নিৰ্বাচনী সভা অনুষ্টিত হয় ৷ সভাত ভাগ লৈ হাগ্ৰামা মহিলাৰীয়ে ভাষণত কয় যে, বিটিচিত বিজেপি আৰু ইউ পি পি এল একগোট হ'লেও বিপিএফ দলৰ একো ক্ষতিসাধন কৰিব নোৱাৰে । সকলো জনগোষ্ঠীৰ ভোটাৰ ৰাইজৰ ভোটদানেৰে ২৪/২৫ গৰাকী বিজয়ী প্ৰাৰ্থীৰে বিটিচিত বিপিএফৰ চৰকাৰ গঠন হ'ব । বিটিচিত বিপিএফৰ নতুন চৰকাৰ খনে সকলো ধৰণৰ উন্নয়ন মূলক কাম-কাজ কৰাৰ লগতে বিটিচি বাসীৰ ভূমি পট্টন আৰু সুৰক্ষাৰ বাবেও নিশ্চিত ভাবে ব্যৱস্থা গ্ৰহণ কৰিব ৷

বিশ্বজিৎ দৈমাৰীক ক্ষুৰধাৰ সমালোচনা হাগ্ৰামাৰ

তাৰোপৰি কোকৰাঝাৰৰ সলনি প্ৰতিটো মহকুমা সদৰতে মাটিৰ কাম-কাজ কৰাৰ ব্যৱস্থা কৰা হ'ব । প্ৰতিখন জিলাতে স্থানীয় লোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হ'ব । মন্দিৰ, মছজিদ, গীৰ্জা আদি সকলো ধৰ্মীয় অনুষ্ঠানৰ উন্নয়নৰ বাবে ধন মঞ্জুৰী দিয়া হ'ব । ভাষণ প্ৰসংগত মহিলাৰীয়ে আৰু দোহাৰে যে, বিশ্বজিৎ দৈমাৰীয়ে যিমানে অস্বীকাৰ নকৰক কিয়, তেওঁ ৯৯ ৰ শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ নামত শিক্ষক সকলৰ পৰা প্ৰায় চাৰি কোটি টকা সংগ্ৰহ কৰি আত্মসাৎ কৰিছে । বিগত পোন্ধৰ বছৰে হাঁহিব-কান্দিব নজনা ইমানুৱেল মুছাহাৰী আৰু বিশ্বজিৎ দৈমাৰী বিপিএফৰ ৰোষত পৰাৰ ভয়ত বিজেপি লৈ গমন কৰিছে ।

সভাখনত নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী ধৰ্ম নাৰায়ণ দাসৰ জ্যেষ্ঠ ভাতৃ লক্ষ্মণ দাস, সদৌ অসম বৰ্মণ কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক সঞ্জীব বৰ্মনে, বিপিএফ নেতা উদয় নায়ক, দৰঙাজুলি পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী চণ্ডী বসুমতাৰী, প্ৰাক্তন বিধায়ক দেৰহাগ্ৰাহ মুছাহাৰী প্ৰমুখ্যে কেইবাগৰাকী দলীয় নেতা দহ সহস্ৰাধিক সমৰ্থক ৰাইজে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :পলাশবাৰী সমষ্টি অগপক এৰি নিদিয়াৰ হুংকাৰ বিজেপি নেতৃত্বৰ

ABOUT THE AUTHOR

...view details