অসম

assam

By

Published : Nov 20, 2020, 10:40 PM IST

ETV Bharat / state

বিজেপিয়ে আমাৰ সৈতে মিত্ৰতা নকৰে যদি স্পষ্ট কৰক : হাগ্ৰামা মহিলাৰী

বিপিএফৰ সৈতে বিজেপিয়ে মিত্ৰতা ভংগ কৰিব খুজিলে সেই সিদ্ধান্ত কেৱল মুখেৰে কৈ নাথাকি স্পষ্ট কৰাৰ দাবী জনাউ হাগ্ৰামাই ৷ বিপিএফে এতিয়ালৈকে মিত্ৰতাৰ বাবে জোৰ কৰা নাই আৰু ভৱিষ্যতেও নকৰে বুলি মন্তব্য প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপি আৰু ইউপিপিএলে গোপন বুজাবুজিৰে কাম কৰাৰ অভিযোগ মহিলাৰীৰ ৷

বিজেপিয়ে আমাৰ সৈতে মিত্ৰতা নকৰে যদি স্পষ্ট কৰক
বিজেপিয়ে আমাৰ সৈতে মিত্ৰতা নকৰে যদি স্পষ্ট কৰক

চিৰাঙ, 20 নৱেম্বৰ:হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ বাকযুদ্ধ বিশেষভাৱে চৰ্চিত হৈ থকাৰ মাজতে বিজেপিৰে মিত্ৰতা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ ৷ বিটিচিত পৰৱৰ্তী চৰকাৰ গঠন কৰাৰ বাবে ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত কুচ-কাৱাজ আৰম্ভ হোৱাৰ মাজতে মহিলাৰীৰ মন্তব্য বিজেপি দলে বিপিএফৰ সৈতে মিত্ৰতা নকৰিলেও কোনো কথা নাই,কিন্তু যিয়ে সিদ্ধান্ত নলওক কিয় বিজেপিয়ে সেই সিদ্ধান্ত স্পষ্ট কৰিব লাগে ৷

বিজেপি আৰু ইউপিপিএলে গোপন বুজাবুজিৰে কাম কৰাৰ অভিযোগ

শুকুৰবাৰে চিৰাঙৰ বাসুগাঁৱত বুদ্ধিজীৱিসকলৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত মহিলাৰীয়ে কয় যে বিজেপিয়ে যদিহে বিপিএফৰ সৈতে মিত্ৰতা ভাঙিব খুজিছে তেন্তে বিপিএফে এইক্ষেত্ৰত জোৰ জবৰদস্তি কৰিব নোৱাৰে ৷ বিপিএফে এতিয়ালৈকে মিত্ৰতাৰ বাবে জোৰ কৰা নাই আৰু ভৱিষ্যতেও নকৰে বুলিও মহিলাৰীয়ে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

বিজেপিয়ে আমাৰ সৈতে মিত্ৰতা নকৰে যদি স্পষ্ট কৰক : হাগ্ৰামা মহিলাৰী

অৱশ্যে বিজেপিয়ে বিপিএফৰ সৈতে মিত্ৰতা ভংগ কৰাৰ সিদ্ধান্ত সন্দৰ্ভত তেওঁৰ হাতত এতিয়ালৈকে কোনো তথ্য আহি পৰা নাই বুলি মন্তব্য কৰি মহিলাৰীয়ে কয় যে বিজেপিয়ে বিপিএফক খেদাই দিলে দিছপুৰৰ পৰা বিপিএফ গুচি আহিবলৈ বাধ্য,কিন্তু এই সন্দৰ্ভত কেৱল মুখেৰে ক'লেই ন'হব,বাস্তৱত স্পষ্ট কৰি দিব লাগিব ৷

বিটিচি পৰিষদীয় নিৰ্বাচনত গোপন বুজাবুজি কৰি বিজেপি দলে কিছুমান সমষ্টি ইউপিপিএল দলক এৰি দিয়াৰ বিপৰীতে কিছুমান সমষ্টি ইউপিপিএলে বিজেপি দলক এৰি দিয়াৰ অভিযোগ উত্থাপন কৰি মহিলাৰীয়ে লগতে কয় যে বিজেপি আৰু ইউপিপিএল দলৰ এই বুজাবুজি মুকলিকৈ হোৱা নাই যদিও নিৰ্বাচনী পথাৰত তেওঁলোকে এই গোপন বুজাবুজিৰেই কাম কৰি আছে ৷ এইবাৰৰ বিটিচি নিৰ্বাচনত বিশেষ একো ন'হলে বিপিএফ দলে অতি কমেও 25 টা সমষ্টিত জয় লাভ কৰি চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি তেওঁ দাবী কৰে ।

শুকুৰবাৰে চিৰাঙৰ বাসুগাঁৱত হাগ্ৰামা মহিলাৰীয়ে 13নং চিৰাং পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ছাইখং বসুমতাৰী ওৰফে বি ছাওৰাইগ্ৰা,12 নং ছালাকাটি পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী আৰু পিপ'লছ জয়েন্ট একচন কমিটিৰ নেতা জেব্ৰাৰাম মুছাহাৰীৰ সৈতে বাসুগাঁৱত পৌৰসভাৰ টাউন হ'লত স্থানীয় বুদ্ধিজীৱী,জেষ্ঠ নাগৰিকৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

উক্ত মত বিনিময় অনুষ্ঠানত বাসুগাঁও ৰাইজৰ দীৰ্ঘদিনৰ দাবী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় খনক 30 খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ কৰা,বাসুগাঁও মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ মুকলি কৰা,বাসুগাঁও চহৰত অগ্নি নিৰ্বাপনৰ বাহিনীৰ এক আস্থান স্থাপন কৰা,বাসুগাঁৱক মহকুমা হিচাপে ঘোষণা কৰাকে আদি কৰি 11টা দাবী লৈ আলোচনা কৰে আৰু আগন্তুক দিনত বাসুগাঁও অঞ্চলৰ ৰাইজে কাম কৰিবলৈ সুবিধা কৰি দিলে বিপিএফে বিটিচিত চৰকাৰ গঠন কৰাৰ পাছত বাসুগাঁওবাসী ৰাইজৰ দাবী পূৰণ কৰিবলৈ যত্ন কৰিব আশ্বাস প্ৰদান কৰে ।
লগতে পঢ়ক:বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ দিলীপ শইকীয়াৰ

ABOUT THE AUTHOR

...view details