অসম

assam

By

Published : Apr 11, 2019, 3:48 AM IST

ETV Bharat / state

প্ৰথম পৰ্যায়ত চাৰিটা সমষ্টিত জয়ী হ'ব মিত্ৰজোঁট: হাগ্ৰামা

বাক্মা জিলাৰ গোৰেশ্বৰৰ বেঙেনাহাটী সত্ৰৰ প্ৰেক্ষাগৃহত বুধবাৰে বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ দিলীপ শইকীয়াৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটা সমষ্টিৰ চাৰিটা জয় হ'ব মিত্ৰজোঁট: হাগ্ৰামা

বাক্সা, 11 এপ্ৰিল: হাগ্ৰামা মহিলাৰীয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটা সমষ্টিৰ চাৰিটা সমষ্টিত মিত্ৰজোঁট জয় হ'ব বুলি দাবী কৰাৰ লগতে প্ৰমীলাৰাণী ব্ৰহ্ম বিপুল ভোটত জয়লাভ কৰিব বুলি মন্তব্য কৰে৷ হাগ্ৰামাই সভাত এবছু, এন ডি এফ বিক কঠোৰ ভাষাৰে সমালোচনা কৰে যদিও কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ বিষয়ে মন্তব্য কৰাৰ পৰা বিৰত থাকে। আনহাতে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সভাত অংশগ্ৰহণ কৰি ইউ পি পি এলক ডাষ্টবিনৰ লগত তুলনা কৰে। তেওঁ ইউ পি পি এলক ভোট দিয়া আৰু ডাষ্টবিনত বস্তু পেলোৱা একে কথা বুলি মন্তব্য কৰে।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটা সমষ্টিৰ চাৰিটা জয় হ'ব মিত্ৰজোঁট: হাগ্ৰামা

সভাত বি পি এফৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে মন্ত্ৰী ভৱেশ কলিতা, বি টি চিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰী, মহেশ্বৰ বসুমতাৰী লগতে বহুকেজন শীৰ্ষ নেতা উপস্থিত থাকে। অৱশ্যে সভাত অগপ দলৰ কোনো নেতা কৰ্মী উপস্থিত নথকাত তৃণমূল পৰ্যায়ত মিত্ৰতাৰ ক্ষেত্ৰত ক'ৰবাত আউল থকা বুলি চৰ্চিত হৈছে।

ABOUT THE AUTHOR

...view details