অসম

assam

By

Published : Sep 25, 2020, 5:08 PM IST

ETV Bharat / state

নিৰ্মাণৰ দহটা বছৰৰ পাচতো মুকলি নহ'ল এটা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

বিগত দহটা বছৰেও মুকলি নোহোৱা এটা স্বাস্থ্যকেন্দ্ৰ ৷ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠাৰ পাচতো ব্যৱহাৰহীন স্বাস্থ্যকেন্দ্ৰটো ৷ ব্যৱহাৰ অবিহনেই জহি-খহি গৈছে কেন্দ্ৰটোৰ অধিকাংশ ৷ স্বাস্থ্যকেন্দ্ৰটো ব্যৱহাৰ হৈছে মাথো জুৱাৰ আড্ডা হিচাপেহে ৷ চাৰিওকাষৰ হাবি-বনেও স্বাস্থ্যকেন্দ্ৰটোক পৰিণত কৰিছে ভূত বাংলালৈ ৷

প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ
প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

বাক্সা, 25 চেপ্তেম্বৰ: বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী নাগ্ৰীজুলিৰ,গুৱাবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠাৰ পাচতো কিয় আজিলৈ মুকলি নহ'ল তাকে লৈ সম্প্ৰতি দোমোজাত পৰিছে স্থানীয় ৰাইজ ৷ ব্যৱহাৰৰ অভাৱত জহি-খহি গৈছে স্বাস্থ্যকেন্দ্ৰটো ৷ ওচৰতে স্বাস্থ্যকেন্দ্ৰটো থকা স্বত্বেও স্থানীয় ৰাইজ যাবলগীয়া হয় দূৰ-দূৰণিত থকা চিকিৎসালয়লৈ ৷ তাৰ পাচতো স্বাস্থ্যকেন্দ্ৰটো মুকলি নকৰাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মাজত ৷

নিৰ্মাণৰ দহটা বছৰৰ পাচতো মুকলি নহ'ল এটা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ

এই ক্ষেত্ৰত স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিও পোৱা নাই কোনো ধৰণৰ সুফল ৷ যাৰ বাবে সাধাৰণ এটা ৰোগৰ পৰা আদি কৰি গুৰুতৰ ৰোগৰ চিকিৎসা ল'বলৈ ৰাইজে যাবলগীয়া হয় তামুলপুৰ,ৰঙিয়া,নলবাৰী,গুৱাহাটী আদি স্থানলৈ ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি,বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ বাবে বিভিন্ন ৰাজনৈতিক দল সমূহৰ লগতে,স্থানীয় বিধায়ক গৰাকীয়ে আহি স্বাস্থ্য কেন্দ্ৰটো নিৰ্বাচনৰ পাচত মুকলি কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছে ৷ কিন্তু সেইয়া কিমান দূৰ সম্ভৱ হৈ উঠে সেইয়া সময়তহে লক্ষণীয় হ'ব ৷

লগতে পঢ়ক:ইটিভি ভাৰত অসমৰ বাতৰিৰ প্ৰভাৱঃনিৰ্মাণ প্ৰতিষ্ঠানে আৰম্ভ কৰিলে পথ মেৰামতিৰ কাম

ABOUT THE AUTHOR

...view details