বাক্সা, ২৬ মে’:অহা 8 জুনত অনুষ্ঠিত হ’ব বিটিচিৰ পৰিষদীয় সমষ্টিৰ উপ নিৰ্বাচন (BTC bye election 2022) । ২২ নং কোকলাবাৰী পৰিষদীয় উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে ইতিমধ্যে জিএছপি, বিজেপি আৰু ইউপিপিএলৰ মিত্ৰজোঁটে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ৷ সমান্তৰালকৈ সমষ্টিটোত নিৰ্বাচনী তৎপৰতাও আৰম্ভ হৈছে ।
কিন্তু ইয়াৰ মাজতে নিৰ্বাচনী প্ৰতীক চিহ্নক লৈ সমষ্টিটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । জিএছপি দলৰ প্ৰতীক চিহ্ন টৰ্চ লাইট ব্যৱহাৰ কৰি নিৰ্দলীয় প্ৰাৰ্থীয়ে সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে (Independent candidate used symbol of GSP)। নিৰ্দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে জিএছপি দল ।
অভিযোগ অনুসৰি অৱড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত বুলি দাবী কৰা নিৰ্দলীয় প্ৰাৰ্থী হীৰেণ শৰণীয়াই নিজৰ প্ৰতীক চিহ্ন টৰ্চ লাইট বুলি প্ৰচাৰ চলাইছে । কিন্তু এতিয়ালৈ নিৰ্বাচন আয়োগে প্ৰতীক চিহ্নক লৈ কোনো ঘোষণা কৰা নাই । নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ পূৰ্বেই জিএছপি ৰাজনৈতিক দলটোৰ নিজৰ প্ৰতীক চিহ্ন টৰ্চ লাইট নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে কেনেকৈ ব্যৱহাৰ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে জিএছপি দলে ।
বিটিচিৰ পৰিষদীয় উপ-নিৰ্বাচনত বিভ্ৰান্তি বাক্সা জিলাৰ বৰমা প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত জিএছপিৰ উপ-সভাপতি ঘনশ্যাম দাস আৰু অবড়ো সুৰক্ষা সমিতিৰ বাক্সা জিলাৰ সাধাৰণ সম্পাদক আক্কেল আলীয়ে দাবী কৰি কয় যে কোনো কাৰণতে নিৰ্দলীয় প্ৰাৰ্থীক টৰ্চ লাইটৰ প্ৰতীক নিৰ্বাচন আয়োগে দিব নোৱাৰিব । যিহেতু বিজেপি মিত্ৰজোঁটে মন্টু বড়োক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে তেনে ক্ষেত্ৰত জিএছপিয়ে ব্যৱহাৰ কৰা টৰ্চ লাইট মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী মন্টু বড়োৰ লগত থাকিব বুলি সংবাদমেলযোগে প্ৰকাশ কৰে নেতাসকলে ৷ যদি নিৰ্দলীয় প্ৰাৰ্থীয়ে টৰ্চ লাইটক প্ৰতীক হিচাপে ব্যৱহাৰ কৰে তেনেহ'লে ভোটাৰ ৰাইজৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি হ'ব বুলি সংবাদমেলযোগে নেতাসকলে অভিযোগ কৰে ৷
লগতে পঢ়ক :BTC by election 2022 : বিটিচিৰ পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ঘোষণা