বৰমা, ১১ নৱেম্বৰঃ বিটিআৰ চুক্তিৰ বিৰোধিতা আৰু বিটিচি নিৰ্বাচনৰ সজাগতা বৃদ্ধিৰ লক্ষ্যৰে বুধবাৰে বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিত অবড়ো সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা পাৰ্টিৰ উদ্যোগত চাইকেল ৰেলী। উল্লেখযোগ্য যে, ককলাবাৰী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী মৃদুল দাসে নিজে চাইকেল চলাই চাইকেল ৰেলীত ভাগ লৈ নিৰ্বাচনী প্ৰচাৰ চলায়। চৰ্ণা লক্ষ্মী মন্দিৰ প্ৰাংগণৰ পৰা উলিওৱা এই চাইকেল ৰেলীটো আমগুৰি, শিলবাৰী, বাদুলিপাৰা, অঞ্চলী, টকুৰাকুছি হৈ বেতবাৰী, ধেমধেমা-চহোগুৰি লৈ যায়।
বাক্সাত বিটিআৰ চুক্তিৰ বিৰোধিতাৰে গণ সুৰক্ষা পাৰ্টিৰ চাইকেল ৰেলী
ককলাবাৰী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী মৃদুল দাসে নিজে চাইকেল চলাই চাইকেল ৰেলীত ভাগ লৈ নিৰ্বাচনী প্ৰচাৰ চলায়। চৰ্ণা লক্ষ্মী মন্দিৰ প্ৰাংগণৰ পৰা উলিওৱা এই চাইকেল ৰেলীটো আমগুৰি, শিলবাৰী, বাদুলিপাৰা, অঞ্চলী, টকুৰাকুছি হৈ বেতবাৰী , ধেমধেমা -চহোগুৰি লৈ যায়।
ইপিনে চাইকেল ৰেলীত অংশগ্রহণ কৰি ককলাবাৰী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী মৃদুল দাসে কয়, যোৱা ২৭ অক্টোবৰৰ পৰা জনসাধাৰণৰ মাজত বিটিআৰ চুক্তিৰ বিৰোধিতাৰে এই চাইকেল ৰেলী আৰম্ভ কৰা হৈছে। আমি কোনো কাৰণতেই বিটিআৰ চুক্তি গ্ৰহণ নকৰো। যি চুক্তিৰ সাত নম্বৰ পইন্টত খাজ ভূমি, চৰণীয়া ভূমি আৰু জলাশয় ভূমি উচ্ছেদ কৰা আৰু ১০.২ নম্বৰ পইন্টত অৰ্ধসামৰিক বাহিনীত অকল বড়ো যুৱক-যুৱতী সকলকহে অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ আছে সেই চুক্তি আমাক নালাগে। " বিটিএডিৰ ৯৬০ খন অবড়ো অধ্যূষিত গাঁৱ কৰ্তনৰ বাবেও মৃদুল দাসে দাবী জনায়।
লগতে পঢ়কঃ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ