অসম

assam

ETV Bharat / state

মহাজোঁটে বিটিআৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে: প্ৰমোদ বড়ো

আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে বিটিআৰত আসন বুজাবুজিৰ সন্দৰ্ভত চলি আছে আলোচনা ৷ এই কথা সদৰী কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে বিটিআৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলিও মন্তব্য কৰিছে প্ৰমোদ বড়োৱে ৷

grand alliance will not have any impact in btr said pramod boro
grand alliance will not have any impact in btr said pramod boro

By

Published : Mar 3, 2021, 10:23 AM IST

বাক্সা,2 মাৰ্চ:কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে অসম বিধানসভা নিৰ্বাচনত বিটিআৰত কোনোধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য কৰিছে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই নিজ নিজ ৰণকৌশলেৰে আগবঢ়াৰ মাজতে থমকি ৰোৱা নাই ইউপিপিএল ৷ ইতিমধ্যে বিটিআৰৰ প্ৰতিটো সমষ্টিতে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰি এই নিৰ্বাচন বৰ বিশেষ কঠিন ন'হব বুলিও প্ৰমোদ বড়োৱে এক মন্তব্য আগবঢ়াইছে ৷

ইউপিপিএল দলে বিটিআৰৰ প্ৰতিটো সমষ্টিতে প্ৰাৰ্থিত্ব আগবঢ়াব বিচাৰে যদিও মিত্ৰতাৰ ধৰ্ম বজাই ৰাখি অলপ এৰা-ধৰা কৰিব লাগিব এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি বড়োৱে লগতে মহাজোঁটত বিপিএফ চামিল হোৱাক লৈও মন্তব্য কৰে ৷ বাক্সাত ইউপিপিএলৰ এক কৰ্মীসভাত উপস্থিত হৈ বড়োৱে কটাক্ষ কৰি কয় যে, ইমান দিনে কংগ্ৰেছ-এআইডিইউএফে বিপিএফৰ দুৰ্নীতিৰ কথা সমালোচনা কৰি এতিয়া আকৌ মহাজোঁট গঠন কৰিছে ৷ মহাজোঁটৰ নেতাসকলে বিগত 50 বছৰে দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰি বড়োৱে লগতে এইবুলিও কয় যে, দুৰ্নীতি কৰা ৰাইজে দেখি আহিছে যাৰ বাবে এই মহাজোঁটে বিটিআৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে ৷

অসম বিধানসভা নিৰ্বাচনৰ বাবে বিটিআৰত আসন বুজাবুজিৰ সন্দৰ্ভত চলি আছে আলোচনা

বিটিআৰত ৰাইজে বিজেপি আৰু ইউপিপিএলক আদৰি লব বুলি মন্তব্য কৰি বিটিআৰত আসন বুজাবুজিৰ সন্দৰ্ভত আলোচনা চলি থকা বুলিও বড়োৱে জানিবলৈ দিয়ে ৷ পূৰ্বৰ চৰকাৰৰ বিধায়কসকলকো সমালোচনা কৰি বড়োৱে অভিযোগ কৰে যে, পূৰ্বৰ বিধায়কসকলে বিধানসভাত কোনো আঁচনিৰ কথা উল্লেখ নকৰা বাবে বিটিআৰ পিছপৰি ৰৈ গ'ল ৷

লগতে পঢ়ক:বিপিএফৰ ১২ খন আসনে সাহস দিব মহাজোঁটক !

ABOUT THE AUTHOR

...view details