অসম

assam

ৰঞ্জন দৈমাৰী জেলত থাকিলে সমগ্ৰ বড়ো জনগোষ্ঠীক জেলত থকা নুবুজায়: গোবিন্দ বসুমতাৰী

By

Published : Feb 20, 2022, 6:07 PM IST

ৰঞ্জন দৈমাৰী জেলত থাকিলে সমগ্ৰ বড়ো জনগোষ্ঠীটোৱে জেলত থকা নুবুজায় ৷ ৰঞ্জন দৈমাৰীৰ সৈতে জেলত থকা কেইবাজনো তেওঁৰ সতীৰ্থ এতিয়া মুক্ত আকাশৰ তলত ৷ চল্লিশ লাখ বড়োসকলৰ ভিতৰত দৈমাৰীও এজন ৷ এই মন্তব্য কৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী তথা অসম চৰকাৰৰ বিধায়ক গোবিন্দ বসুমতাৰীয়ে (Govinda Basumatary on jailed NDFB leader Ranjan Daimary) ৷

UPPL party workers meeting held on Baksa district
ৰঞ্জন দৈমাৰী জেলত থাকিলে সমগ্ৰ বড়ো জনগোষ্ঠীক জেলত থকা নুবুজায়: গোবিন্দ বসুমতাৰী

বাক্সা, ২০ ফেব্ৰুৱাৰী : শনিবাৰে বাক্সা জিলাৰ ভালুকদঙাত আয়োজন কৰা হয় বাক্সা ইউপিপিএল দলৰ এখনি কৰ্মীসভা (UPPL party workers meeting held on Baksa district) ৷ এই সভাতে এনডিএফবিৰ সভাপতি ৰঞ্জন দৈমাৰী জেলৰ পৰা কেতিয়া মুক্তি হ’ব, সেই সম্পৰ্কে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত, বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী তথা অসম চৰকাৰৰ বিধায়ক গোবিন্দ বসুমতাৰীয়ে কয় যে, ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰত দোষী সাব্যস্ত কৰাৰ পিছতহে ৰঞ্জন দৈমাৰীক জেললৈ পঠোৱা হৈছে (Govinda Basumatary on jailed NDFB leader Ranjan Daimary) ৷ ৰঞ্জন দৈমাৰীৰ মুক্তিৰ কাৰণে ৰাজনৈতিক হস্তক্ষেপে একো কৰিব নোৱাৰে ৷

ৰঞ্জন দৈমাৰী জেলত থাকিলে সমগ্ৰ বড়ো জনগোষ্ঠীক জেলত থকা নুবুজায়: গোবিন্দ বসুমতাৰী

সংবিধানৰ আওতাত আনি আইনে পৰ্যায়ক্ৰমে বিচাৰ কৰিব কেচসমূহ । লগতে তেওঁ কয় যে, ‘‘ৰঞ্জন দৈমাৰীৰ সৈতে জেলত থকা কেইবাজনো সতীৰ্থ এতিয়া মুক্ত আকাশৰ তলত আহিছে ৷ চল্লিশ লাখ বড়োসকলৰ ভিতৰত দৈমাৰীও এজন ৷ ৰঞ্জন দৈমাৰীয়ে জেলত থাকিলে সকলো বড়ো জনগোষ্ঠীয়ে জেলত থকা নুবুজায়’’ ৷

বাক্সা জিলাৰ ভালুকদঙাত ইউপিপিএল দলৰ এই কৰ্মীসভাই প্ৰাক্তন এনডিএফবিৰ পুনৰ সংস্থাপন সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত বসুমতাৰীয়ে কয় যে, ইতিমধ্যে এনডিএফবিৰ তিনিওটা গ্ৰুপৰ সদস্যসকলক চাৰি লাখকৈ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰি থকা হৈছে ৷ যিসকল সদস্যৰ চাকৰিৰ বয়স আছে, তেখেতসকলক পৰ্যায়ক্ৰমে চাকৰিত মকৰল দিয়া হ’ব ৷

লগতে পঢ়ক :ৰাজ্যসভা নিৰ্বাচন 2022: মুখ্যমন্ত্ৰীয়ে ভাল দেখে যাক...

ABOUT THE AUTHOR

...view details