অসম

assam

ETV Bharat / state

তামুলপুৰত মহকুমাধিপতি কাৰ্যালয়ত চৰকাৰী পৰ্যালোচনা সভা - জব কাৰ্ড

মঙলবাৰে বাক্সা জিলাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাত ৰাজ্য চৰকাৰৰ যোগান মন্ত্ৰী ফণীভূষণ চেীধুৰী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ লগতে সাংসদ,বিধায়ককে ধৰি বহু চৰকাৰী বিষয়াই অংশগ্ৰহণ কৰে ৷

govrnment REVIEW MEETING baksha district
তামুলপুৰত মহকুমাধিপতী কাৰ্য্যালয়ত চৰকাৰী পৰ্যালোচনা সভা অনুষ্ঠিত

By

Published : Jun 23, 2020, 7:31 PM IST

বাক্সা,23জুনঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাধিপতি কাৰ্যালয়ত মঙলবাৰে এখন চৰকাৰী পৰ্যালোচনা সভা অনুষ্ঠিত হয় । উক্ত সভাখনত উপস্থিত থাকে ৰাজ্যৰ চৰকাৰ যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী,পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্ম ,সাংসদ বিশ্বজিৎ দৈমাৰী,বিধায়ক ইমানুৱেল মুছাহাৰী,বিধায়ক থানেশ্বৰ বসুমতাৰী,বিধায়ক মনেশ্বৰ ব্ৰহ্ম,জিলা উপায়ুক্ত ৰঞ্জন শৰ্মা, জিলা আৰক্ষী অধীক্ষক প্ৰতিক থুৱে ,মহকুমাধিপতি সুজিৎ বাগলাৰী লগতে কেইবাগৰাকী চৰকাৰী বিষয়াই উপস্থিত । সভাত উপস্থিত থাকি ৰাজ্য চৰকাৰৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী কয় যে, তেওঁ অহা শুক্ৰবাৰে পুনৰ কেইবাগৰাকী চৰকাৰী বিষয়াৰ সৈতে নিজেই উপস্থিত থাকি মহকুমাটোত যি সমূহ আসোঁৱাহ আছে সকলোবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিব ।

তামুলপুৰত মহকুমাধিপতি কাৰ্যালয়ত চৰকাৰী পৰ্যালোচনা সভা
আনহাতে সভাখনত উপস্থিত থকা মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে ক‘ৰণা ভাইৰাছৰ বাবে যি পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হৈছে তেওঁলোকৰ অভাৱ অভিযোগ পূৰণ কৰা হ'ব লগতে ইয়াত নিৰ্বাচন আচৰণ বিধি বলবৎ থকা বাবে কোনো ধৰণৰ কাম কৰিব পৰা নাই ৷ তেওঁ লগতে কয় যে, এতিয়া জব কাৰ্ডৰ নতুনকৈ কাম আৰম্ভ কৰা হ'ব আৰু যিসকলৰ জব কাৰ্ড নাই তেওঁলোকে নতুনকৈ কাৰ্ড প্ৰদান কৰা হ'ব, যাতে কিছু পৰিমাণে ক‘ৰণাৰ মহামাৰী সময়ত সাধাৰণ জনতাক কিছু আৰ্থিক সকাহ প্ৰদান কৰিব পৰা যায় ।লগতে পঢকঃ বাহিৰত ফুৰি থাকোতে চেইফ-কৰীণাক কিয় বাধা দিলে পুলিচে ?

ABOUT THE AUTHOR

...view details