অসম

assam

চৰকাৰী আচঁনিৰ অবৈধ সৰবৰাহঃ দুজনক আটক

By

Published : Aug 2, 2020, 5:32 PM IST

বাক্সাৰ তামুলপুৰত চৰকাৰী চাউলৰ নামত মুক্ত বেহাৰ অভিযোগ । আটক দুই অভিযুক্ত ৷ আৰক্ষীৰ তদন্ত অব্যাহত ৷

government-distibution-rice-corruption-alligation-two-person-arrested-at-beksha
চৰকাৰী আচঁনিৰ চাউলৰ অবৈধ সৰবৰাহকাৰী আটক

বাক্সা,2 আগষ্টঃ বাক্সাৰ তামুলপুৰ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই চোৰং চাউল সৰবৰাহকাৰী । যি সময়ত কৰ’ণা মহামাৰী তথা বান আৰু গৰাখহনীয়াৰ কৱলত পৰি সৰ্বসাধাৰণ ৰাইজে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ সেই সময়তে এগৰাকী বহুমুখীৰ সম্পাদকে চৰকাৰী আঁচনিৰ চাউল হৰলুকি কৰি তামুলপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা কাৰ্যই অঞ্চলটোত চাঞ্চ্যলৰ সৃষ্টি কৰিছে । এক গোপন সূত্ৰৰ পম খেদি তামুলপুৰ আৰক্ষী থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ দাসে শনিবাৰে সন্ধিয়া দক্ষিণ গান্ধীবাৰী অঞ্চলত অভিযান চলাই হিতেশ কলিতা নামৰ লোক জনৰ ঘৰৰ পৰা 5 বেগ চৰকাৰী আঁচনিৰ চাউল জব্দ কৰে।

চৰকাৰী আচঁনিৰ চাউলৰ অবৈধ সৰবৰাহকাৰী আটক

ইপিনে দেওবাৰে আৰক্ষীয়ে হিতেশ কলিতাক আটক কৰাৰ উপৰিও দক্ষিণ দেফেলী বহুমূখী সমবায় সমিতিৰ সম্পাদক দ্বীপন স্বৰ্গীয়াৰীক আটক কৰি তামুলপুৰ থানলৈ লৈ আনে। দুয়োগৰাকী ব্যক্তিৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি পিছত দুয়োগৰাকীকে বাক্সা জিলা সদৰ মুছলপুৰস্থিত ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায় । আৰক্ষীয়ে প্ৰকাশ কৰা মতে দক্ষিণ দেফেলী বহুমূখী সমবায়ৰ পৰা চোৰাংকৈ বিক্ৰীৰ বাবে 8 বেগ চাউল লৈ যোৱা হৈছিল । ইয়াৰে 5 বেগ চাউল জব্দ কৰা হৈছে যদিও 3 বেগ চাউল বিচাৰি আৰক্ষীৰ অভিযান অৱ্যাহত আছে ।

চৰকাৰী আচঁনিৰ চাউলৰ অবৈধ সৰবৰাহকাৰী আটক
লগতে পঢ়কঃলক্ ডাউনে নিৰাশ কৰিব নোৱাৰিলে মোহন কলিতাকঃ বিকল্প পথেৰে আৰম্ভ কৰিছে জীৱন সংগ্ৰাম

ABOUT THE AUTHOR

...view details