বাক্সা, 2 নৱেম্বৰঃবাক্সাৰ তামুলপুৰ প্ৰশাসন আৰু আৱকাৰী বিভাগৰ অভিযান ৷ খৈৰাণী, অভয়পুৰ, এন কে আঙাৰকাটাত অবৈধ সুৰা আৰু গাঞ্জাৰ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলালে প্ৰশাসনে । কুমাৰীকাটাৰ বিভিন্ন ঠাইত অভিযান চলাই এন কে আঙাৰকাটাৰ পৰা গাঞ্জা ব্যৱসায়ী সুধন আৰ্য নামৰ লোকজনক আটক কৰে ৷ কিন্তু আটকাধীন ব্যক্তিজনক শুকুৰবাৰে নিশাই ধনৰ বিনিময়ত মুকলি কৰি দিয়ে বুলি অভিযোগ কৰে স্থানীয় মহিলা সকলে । যাৰ বাবে বিতৰ্কত সোমাই পৰিছে তামুলপুৰ প্ৰশাসন আৰু মুছলপুৰ আবকাৰী বিভাগ ৷
বাক্সাত স্থানীয় মহিলাৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা - baksha ganja recover update
কুমাৰীকাটাৰ বিভিন্ন ঠাইত অভিযান চলাই এন কে আঙাৰকাটাৰ পৰা গাঞ্জা ব্যৱসায়ী সুধন আৰ্য্য নামৰ লোকজনক আটক কৰে ৷ কিন্তু আটকাধীন ব্যক্তিজনক শুকুৰবাৰে নিশাই ধনৰ বিনিময়ত মুকলি কৰি দিয়ে বুলি অভিযোগ কৰে স্থানীয় মহিলা সকলে ৷
বাক্সাত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
আনহাতে, শুকুৰবাৰে নিশা আৰক্ষীয়ে মুক্ত কৰি দিয়া অভিযুক্ত সুধন আৰ্যই আৰক্ষীৰ ক্ষমতা দেখুৱাই বিগত সময়ত অভিযোগ কৰি অহা মহিলাসকলক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ স্থানীয় মহিলাৰ ৷ যাৰ ফলত স্থানীয় মহিলাসকল ক্ষোভিত হৈ শনিবাৰে দহ বজাত ব্যৱসায়ীজনৰ ঘৰত উপস্থিত হৈ পুনৰ নিজাববীয়াকৈ অভিযান চলাই ৷ অভিযানত ব্যৱসায়ীজনৰ বাৰীৰ পাছফালে গাঞ্জাৰ বস্তা উদ্ধাৰ কৰে মহিলাসকলে ৷ পাচত গাঞ্জাসহ সুধন আৰ্যক কুমাৰীকাটাৰ আৰক্ষী চকীৰ বিষয়া বনজিৎ উজিৰক গোটাই দিয়ে ৷