বাক্সা,18 ডিচেম্বৰ :নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা গণ সত্যাগ্ৰহৰ অংশস্বৰূপে তামুলপুৰ মহকুমাতো আয়োজন কৰা হয় বিশাল সত্যাগ্ৰহ ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানমৰ্মে সত্যাগ্ৰহৰ আয়োজন কৰা হয় ৷ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ ডেফেলী আঞ্চলিক সমিতিৰ উদ্যোগত গান্ধীবাৰী হাইস্কুল খেলপথাৰত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ গ্ৰহণ কৰে ।
বিভিন্ন জনগোষ্ঠী আৰু বিভিন্ন সংগঠনৰ বেনাৰত সত্যাগ্ৰহথলীত অংশগ্ৰহণকাৰী সকলে "সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ","হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ","নৰেন্দ্ৰ মোডী হায় হায়", "হিটলাৰী শাসন নচলিব", "অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়", আদি শ্লোগান দিয়ে ৷ বেনাৰ, ফেষ্টুন হাতে হাতে লৈ "হয় আইনখন বাতিল কৰক নহয় আমাক গ্ৰেপ্তাৰ কৰক", "জয় আই অসম", "অবৈধ হিন্দু বাংলাদেশী গ' বেক" আদি শ্লোগানেৰে অঞ্চলটো উত্তাল কৰি তোলে ।