বাক্সা, 19 নৱেম্বৰ:বিপিএফ আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাজিয়াক পৰিয়ালৰ কাজিয়া বুলি ইতিকিং কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷ বৃহস্পতিবাৰে তামুলপুৰৰ তেতেলিগুৰিৰ পৰা গণ সুৰক্ষা পাৰ্টীয়ে উলিওৱা বিশাল বাইক ৰেলীত অংশ লৈ সাংসদগৰাকীয়ে এই মন্তব্য কৰে ৷ এই কাজিয়াক পতি পত্নীৰ মাজৰ কাজিয়াৰ দৰে বুলি আখ্যা দিয়াৰ লগতে এনে সম্পৰ্কৰ কেতিয়াও বিচ্ছেদ নহয় বুলি কৈ এইবাৰৰ নিৰ্বাচনত গণ সুৰক্ষা দলৰ জয় নিশ্চিত বুলিও সাংসদ গৰাকীয়ে মন্তব্য কৰে ৷
তামুলপুৰত গণ সুৰক্ষা পাৰ্টীৰ বিশাল বাইক ৰেলী - তেতেলিগুৰি
তামুলপুৰৰ তেতেলিগুৰিৰ পৰা গণ সুৰক্ষা পাৰ্টীৰ বিশাল বাইক ৰেলী ৷ বিটিচিত অসমীয়া ভাষাক সহযোগী ভাষা কৰাক লৈ পুনৰ সৰৱ কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া ৷ বিপিএফ আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাজিয়াক পতি পত্নীৰ মাজৰ কাজিয়া বুলি ইতিকিং শৰণীয়াৰ ৷
![তামুলপুৰত গণ সুৰক্ষা পাৰ্টীৰ বিশাল বাইক ৰেলী তামুলপুৰত গণ সুৰক্ষা পাৰ্টীৰ বিশাল বাইক ৰেলী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9594398-thumbnail-3x2-nabasarania.jpg)
সাংসদ গৰাকীয়ে কয় যে অবড়ো ৰাইজে তেওঁক জীৱনৰ সুৰক্ষাৰ দায়িত্ব প্ৰদান কৰিছে আৰু এইবাৰ চৰকাৰ গঠন কৰিলে তেওঁ ৰাইজৰ সকলো সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহন কৰিব ৷ বিটিচিত অসমীয়া ভাষাক সহযোগী ভাষা কৰাক লৈ সাংসদ গৰাকী সৰৱ হৈ উঠে ৷ বিজেপিয়ে অসমীয়া ভাষাৰ সৰ্বনাশ মাতি আনিছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে বিটিচিত 81% শতাংশ মানুহে অসমীয়া ভাষাত লিখা পঢ়া কৰে কিন্তু অসমীয়া ভাষাক সহযোগী ভাষা কৰি বিজেপিয়ে অসমীয়া ভাষাৰ সৰ্বনাশ মাতিব বিচাৰিছে ৷ বিটিচিত তেওঁলোকে বড়ো ভাষাত পঢ়া শুনা নকৰে বুলি হুংকাৰ দি তেওঁ কয় যে মৃত্যু পৰ্যন্ত তেওঁলোকে অসমীয়া ভাষা ৰক্ষা কৰাৰ বাবে কাম কৰি যাব ৷
সাংসদ গৰাকীয়ে শুভাৰম্ভ কৰা উক্ত বাইক ৰেলী কাৰ্যসূচীত অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সম্পাদক ভাস্কৰজ্যোতি কলিতা,গয়বাৰী সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী দিলীপ শৰণীয়া, দৰঙ্গাজুলিৰ প্ৰাৰ্থী বনমালী ৰাভাৰ লগতেগণ সুৰক্ষা পাৰ্টীৰ বিভিন্ন নেতা কৰ্মী সকলে অংশগ্ৰহণ কৰে ৷ হীৰা শৰণীয়া জিন্দাবাদ, অবড়ো সুৰক্ষা সমিতি জিন্দাবাদ, গণ সুৰক্ষা পাৰ্টী জিন্দাবাদ,ঐক্য মঞ্চ জিন্দাবাদ,দিলীপ শৰণীয়া জিন্দাবাদ,আদি বিভিন্ন শ্ল'গানেৰে কুমাৰীকাটা,দৰঙামেলা,নাগ্ৰীজুলি হৈ পুনৰ তামুলপুৰত এই বাইক ৰেলী কাৰ্যসূচীৰ সামৰণি পৰে ৷
লগতে পঢ়ক:সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনস্থলীত সাংস্কৃতিক শোভাযাত্ৰা সম্পন্ন