বাক্সা, ২৭ ফেব্ৰুৱাৰী :বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল তথা সংগঠনৰ নেতাসকলৰ মাজত বাকযুদ্ধও তুংগত উঠিছে । শুকুৰবাৰে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই সংবাদ মাধ্যমত গণ সুৰক্ষা পাৰ্টীৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়াক সমালোচনা কৰি গণ সুৰক্ষা পাৰ্টীৰ ভাতৃ সংগঠন অবড়ো সুৰক্ষা সমিতিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি প্ৰকাশ কৰে ৷ ইয়াৰ পাছতে সংগঠন দুটাৰ মাজত সৃষ্টি হৈছে এক আভ্যন্তৰীণ সংঘাত ।
আজি অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাক উভতি ধৰি বাক্সা জিলাৰ পলাশগুৰিত অনুষ্ঠিত এক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ অন্তত বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য তথা গণ সুৰক্ষা পাৰ্টীৰ নেতা ঘনশ্যাম দাসে সাংবাদিকৰ আগত কয় যে, প্ৰথমতে যোগেশ্বৰ কলিতাই কংগ্ৰেছ কৰাৰ পিছত বিগত বিটিচি নিৰ্বাচনৰ সময়ত বিপিএফ কৰিছিল, এতিয়া অবড়ো কৰিছে । গতিকে ডলাৰ বগৰীৰ দৰে ঘূৰি ফুৰা যোগেশ্বৰ কলিতাৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত কোনো অধিকাৰ নাই । ইতিমধ্যে অবড়ো সুৰক্ষা সমিতিৰ পৰা যোগেশ্বৰ কলিতাক বহিষ্কাৰ কৰা হৈছে বুলিও কয় কাৰ্যবাহী সদস্য তথা গণ সুৰক্ষা পাৰ্টীৰ নেতাগৰাকীয়ে ।