অসম

assam

ETV Bharat / state

স্বাস্থ্য আৰু শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ বাবে বাক্সা জিলাত সীমা সুৰক্ষা বাহিনীৰ অভিনৱ পদক্ষেপ

মইনাগুৰী প্ৰাথমিক বিদ্যালয়ত সীমা সুৰক্ষা বাহিনীয়ে শতাধিক ৰাইজক বিনামূলীয়া স্থাস্থ্য পৰীক্ষাৰ লগতে ঔষধ বিতৰণ কৰে ।

By

Published : Dec 20, 2019, 2:13 PM IST

Updated : Dec 20, 2019, 3:07 PM IST

etv bharat
স্বাস্থ্য আৰু শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ বাবে বাক্সা জিলাত সীমা সুৰক্ষা বাহিনীৰ অভিনৱ পদক্ষেপ


বৰমা, ২০ ডিচেম্বৰঃ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ মধুপুৰ মইনাগুৰী প্ৰাথমিক বিদ্যালয়ত ভাৰতীয় সীমা সুৰক্ষা বাহিনীয়ে এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰে। কণ-কণ ছাত্ৰ-ছাত্ৰীৰ লগতে শতাধিক ৰাইজক বিনামূলীয়া ঔষধ বিতৰণ কৰে ভাৰতীয় সীমা সুৰক্ষা বাহিনীয়ে ।

স্বাস্থ্য আৰু শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ বাবে বাক্সা জিলাত সীমা সুৰক্ষা বাহিনীৰ অভিনৱ পদক্ষেপ


বাক্সাৰ মধুপুৰত ভাৰতীয় সীমা সুৰক্ষা বাহিনীৰ জোৱান সকলে প্ৰায় ১৫০ খন গাঁৱৰ ৰাইজক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামুলীয়াকৈ ঔষধ বিতৰণ কৰে ৷ তাৰোপৰি মধুপুৰ মইনাগুৰী প্ৰাথমিক বিদ্যালয়ত চিএপি ২০১৯-২০ আচনীত ডেক্স বেঞ্চ বিতৰণ কৰে ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে যাতে ভালদৰে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত নজৰ ৰাখিয়েই বিদ্যালয়খনত ডেক্স-বেঞ্চৰ ব্যৱস্থা কৰি দিছে বুলি জানিবলৈ দিছে হাউলীস্থিত ২৭ বি.এছ.বি.সীমা সুৰক্ষা বাহিনীৰ কাৰ্যবাহী কামাণ্ডেন অচিন্ত মিত্ৰই ৷

তেওঁ লগতে জানিবলৈ দিয়ে যে, ভাৰত চৰকাৰৰ সামাজিক চেতনা অভিযানৰ লগত সংগতি ৰাখি ভাৰত- ভূটান সীমান্তৰ পিছপৰা অঞ্চলৰ পৰা ২৪ জন স্কুলীয়া ছাত্ৰক ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ লগতে পাঁচখন ৰাজ্যত ইতিমধ্যে শিক্ষামুলক ভ্ৰমণৰ বাবে প্ৰেৰণ কৰিছে ৷ এই কাৰ্যসূচীত মধুপুৰ মইনাগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চণ্ডী প্ৰসাদ দাস, এছ.এছ.বি. মইনাগুৰী কেম্পৰ কাৰ্যবাহী কামাণ্ডেন বিনোদ কুমাৰ দাসৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷ সুৰক্ষা বাহিনীৰ এই পদক্ষেপক উপস্থিত ৰাইজে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

Last Updated : Dec 20, 2019, 3:07 PM IST

ABOUT THE AUTHOR

...view details