তামুলপুৰ, 18 আগষ্ট: গোৰেশ্বৰৰ মহৰিপাৰাত অব্যাহত আছে চৰকাৰী চাউলৰ ৰমৰমীয়া ক'লা বেহা(black market in government rice) ৷ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ মহৰিপাৰাৰ ১ নং ৰৌমাৰীৰ আহাদ আলীৰ ঘৰত আৰক্ষীয়ে জব্দ কৰে ২৫ বস্তাকৈ বিনামূলীয়া চৰকাৰী চোৰাং চাউল(Free government smuggling rice) । জব্দকৃত চোৰাং চাউল খিনি দৰং জিলাৰ সমবায় সমিতিৰ বুলি জানিব পৰা গৈছে ।
গোৰেশ্বৰত আৰক্ষীয়ে জব্দ কৰিলে চৰকাৰী চোৰাং চাউল - Darang District Cooperative Society
তামুলপুৰ জিলাৰ গোৰেশ্বৰত আৰক্ষীয়ে জব্দ কৰিলে চৰকাৰী চোৰাং চাউল(Free government smuggling rice) । গোৰেশ্বৰৰ মহৰিপাৰাৰ ১ নং ৰৌমাৰীত চৰকাৰী চোৰাং চাউল জব্দ
উল্লেখযোগ্য যে, আহাদ আলীয়ে সুবল দেৱনাথৰ সৈতে বিগত কেবাদিন ধৰি অবৈধ ভাৱে চৰকাৰী চোৰাং চাউলৰ ক'লা বেহা চলাই আহিছে । দৰং জিলা সমবায় সমিতিৰ পৰা চৰকাৰী চাউলৰ ক'লা ব্যৱসায় চলাই আহিছে আহাদ আলী আৰু সুবল দেৱনাথে ।
এক গোপন সূত্ৰৰ পম খেদি বুধবাৰ অৰ্থাৎ ১৭ আগষ্টৰ নিশা গোৰেশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত চলা এক অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ২৫ বস্তা চোৰাং চাউল(Chasing secret clue poms) । গোৰেশ্বৰ আৰক্ষীৰ সৈতে সহযোগিতা আগবঢ়ায় ABMSU ৰ মহৰিপাৰা আঞ্চলিক সমিতিৰ সদস্যসকলে ।
লগতে পঢ়ক:Rice smuggling: শিৱসাগৰত বিনামূলীয়া চোৰাং চাউল জব্দ