বাক্সা, 22 জুলাই:বিভিন্ন সময়ত বহু লোকে ভগা হাড়ৰ চিকিৎসা কৰিবলৈ চেন্নাই,পাটনা আদিৰ দৰে বহিঃৰাজ্যৰ ভিন্ন স্থানলৈ যাবলগীয়া হয় ৷ যাৰ বাবদ হয়তো সেইসকল লোকে খৰচ কৰিবলগীয়া হয় লক্ষাধিক টকা ৷ কিন্তু এইখন অসমৰে এখন জিলাত আছে এই চিকিৎসা প্ৰদান কৰিব পৰা লোক ৷ বংশানুক্ৰমে তেওঁলোকে কৰি আহিছে হাড় ভগা লোকৰ চিকিৎসা ৷ কিন্তু বৰ্তমানেও প্ৰচাৰ বিমুখ হৈ আছে সেই লোক কেইগৰাকী ৷
বংশানুক্ৰমে হাড় ভগা লোকক চিকিৎসা প্ৰদান কৰি অহা ভাতৃদ্বয় - বংশানুক্ৰমে হাড় ভগা লোকক চিকিৎসা প্ৰদান কৰি অহা ভাতৃদ্বয়
হাড় ভগা বহু লোকে নিজৰ চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ গৈ হয়তো খৰচ কৰিছে লক্ষ লক্ষ টকা ৷ কিন্তু বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২ নং উলুবাৰী গাঁৱৰ কৃষ্ণকান্ত ডেকা আৰু সনাতন ডেকা নামৰ দুই ভাতৃয়ে বংশানুক্ৰমে কৰি আহিছে হাড় ভগা লোকৰ চিকিৎসা ৷ কিন্তু বৰ্তমানেও প্ৰচাৰ বিমুখ তেওঁলোক ৷
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২নং উলুবাৰী গাঁৱৰ কৃষ্ণকান্ত ডেকা আৰু সনাতন ডেকা নামৰ দুই ভাতৃয়ে তেওঁলোকৰ পূৰ্ব পুৰুষৰ ধাৰা অব্যাহত ৰাখি, হাড় ভগা লোকসকলক প্ৰদান কৰি আহিছে চিকিৎসা ৷ তেওঁলোকৰ চিকিৎসাৰ পৰা সুফল লাভ কৰিছে বহু লোকেও ৷ জ্যেষ্ঠ ভাতৃ কৃষ্ণকান্ত ডেকা আৰু কনিষ্ঠ ভাতৃ সনাতন ডেকাই ভিন্ন আয়ুৰ্বেদিক ঘৰুৱাভাৱে উৎপাদিত দৰৱ ব্যৱহাৰ কৰি প্ৰদান কৰি আহিছে চিকিৎসা ৷ তেওঁলোকৰ চিকিৎসাত সুস্থ হৈ উঠিছে শিশুকে ধৰি বহু বৃদ্ধ লোক ৷ নিজাববীয়া চিকিৎসাৰে তেওঁলোকে প্ৰদান কৰা হাড় ভগা চিকিৎসাই হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে বহু লোকৰ মুখত ৷ সমগ্ৰ বাক্সা জিলাতে তেওঁলোকৰ আছে বিশেষ সমাদৰ ৷ আনকি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰাও তেওঁলোকৰ ওচৰলৈ চিকিৎসাৰ বাবে আহিছে বহু লোক ৷ তথাপিও প্ৰচাৰৰ অভাৱত বহু লোক বৰ্তমানেও অজ্ঞাত তেওঁলোকে প্ৰদান কৰা বিশেষ এই চিকিৎসাৰ বিষয়ে ৷ উল্লেখ্য যে,দুই ভাতৃয়ে জানিবলৈ দিয়া অনুসৰি, তেওঁলোকে আজি পৰ্যন্ত পোৱা নাই চৰকাৰৰ পৰা কোনো বিশেষ সুবিধা ৷ যদি চৰকাৰে তেওঁলোকক কিছু পৰিমাণে সহায় কৰে তেন্তে, তেওঁলোকে নিশ্চয় ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট সহাৰি পাব বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমযোগে ৷
লগতে পঢ়ক:বানত বুৰ গ’ল কাকৈজানা গাঁও পঞ্চায়তৰ অন্তৰ্গত চেচাপানী গাঁও