বৰমা, 19 ছেপ্তেম্বৰঃ বাক্সাত বন্দুকসহ আটক চাৰিজন চোৰাং চিকাৰী ৷ শনিবাৰে পুৱাই বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত বাক্সা জিলাৰ নিকাছিত আৰক্ষী,বন বিভাগ আৰু ভূটানখুটী এছ.এছ.বিয়ে অভিযান চলাই 20 কিলোগ্ৰাম বন গাহৰিৰ মাংস,চাৰিটা হস্ত নিৰ্মিত বন্দুক,হৰিণাৰ শিং,ধনুকাৰৰ লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে ৷ লগতে নোৱাজ ইন্দোৱাৰ,লুৱনুজ ইন্দুৱাৰ,মাৰ্চেল এক্কা আৰু চুমন কুলু নামৰ চাৰিজন যুৱককো আটক কৰে অভিযানকাৰী দলটোৱে ৷
বাক্সাত বন্দুকসহ আটক চাৰি চোৰাং চিকাৰী - নিকাছিত চোৰাং চিকাৰী আটক
শনিবাৰে পুৱাই বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত বাক্সা জিলাৰ নিকাছিত আভিযান চলাই আটক কৰা হয় বহু আপত্তিজনক সামগ্ৰীৰ লগতে চাৰিজনকৈ চোৰাং চিকাৰী ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে সামগ্ৰীসমূহৰ সৈতে চাৰিওজনকে বন বিভাগৰ হাতত গতাই দিয়ে ৷
বাক্সাত বন্দুকসহ আটক চাৰি চোৰাং চিকাৰী
উল্লেখ্য যে,দীৰ্ঘদিন ধৰি বাটাবাৰী বনাঞ্চলত একাংশ চোৰাং চিকাৰীয়ে বন্য প্ৰাণী হত্যা কৰি মাংস বিক্ৰী কৰাৰ লগতে বিভিন্ন বন্যপ্ৰণীৰ অংগসমূহ চোৰাংভাৱে বিক্ৰী কৰি অহা পৰিলক্ষিত হৈছে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে সামগ্ৰীসমূহৰ সৈতে আটক কৰা চাৰিওজন চোৰাংচিকাৰীকে বন বিভাগৰ হাতত গতাই দিয়ে ৷
লগতে পঢ়ক-চিয়াং নৈৰ জলপৃষ্ঠই প্ৰাণ কাঢ়িলে দুজনৰ