অসম

assam

বাক্সাৰ ভূটানখুটীত আৰক্ষীৰ জালত চাৰি দুৰ্ধৰ্ষ চোৰাং চিকাৰী

By

Published : Sep 19, 2020, 4:52 PM IST

বাটাবাৰী বনাঞ্চলৰ পৰা অস্ত্ৰসহ চাৰি দুৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ আৰক্ষী আৰু বন বিভাগৰ । বনৰীয়া গাহৰি হত্যা কৰি মাংস বিক্ৰী কৰিবৰ বাবে বস্তাত ভৰাই ৰাখিছিল চিকাৰী কেইটাই ৷

Four Poacher Arrested at baksha
বাক্সাৰ ভূটানখুটীত আৰক্ষীৰ জালত চাৰি দুৰ্ধৰ্ষ চোৰাং চিকাৰী

বাক্সা, 19 চেপ্তেম্বৰঃ বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ ভূটানখুটীত আৰক্ষী-বনবিভাগৰ যুটীয়া অভিযান । নিকাছী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল দলেৰ নেতৃত্বত অভিযান চলাই বাটাবাৰী বনাঞ্চলৰ পৰা অস্ত্ৰসহ চাৰি দুৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত নুৱাশ ইণ্ডোৱাৰ, চুমান কল্লো, লেবুনোশ ইণ্ডোৱাৰ আৰু মাৰ্চেল ইক্কা সম্প্ৰতি নিকাছী আৰক্ষীৰ জালত ।

বাক্সাৰ ভূটানখুটীত আৰক্ষীৰ জালত চাৰি দুৰ্ধৰ্ষ চোৰাং চিকাৰী
ইপিনে চোৰাং চিকাৰী কেইটাৰ পৰা জব্দ কৰে তিনিটা হস্তনিৰ্মিত বন্দুক, এটা হৰিণাৰ শিং, 20 কেজি বনৰীয়া গাহৰিৰ মাংস, কেইবা জাই গুলী আৰু এখন ধনুকাড় । উল্লেখযোগ্য যে, শুকুৰবাৰে নিশা এটা বনৰীয়া গাহৰি হত্যা কৰি মাংস বিক্ৰী কৰাৰ বাবে বস্তাত ভৰাই ৰাখিছিল চিকাৰী কেইটাই । আনহাতে বাটাবাৰী সংৰক্ষিত বনাঞ্চলত দীৰ্ঘদিন ধৰি জীৱ-জন্তু হত্যা কৰি অহাৰ অভিযোগ ধৃত চাৰি দুৰ্ধৰ্ষ চোৰাং চিকাৰী কেইটাই বিৰুদ্ধে ৷
বাক্সাৰ ভূটানখুটীত আৰক্ষীৰ জালত চাৰি দুৰ্ধৰ্ষ চোৰাং চিকাৰী

ABOUT THE AUTHOR

...view details