বাক্সা, 6 ডিচেম্বৰ:গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছতো ৰাজ্যত অব্যাহত আছে গৰু-ম’হৰ ৰমৰমীয়া চোৰাং বেহা (Cattle smuggling in Assam) ৷ এইবাৰ বাক্সাত আৰক্ষীৰ জালত ১৭ টা চোৰাং গৰুসহ চাৰিটা সৰবৰাহকাৰী ৷
উল্লেখ্য যে, বিগত 2 ডিচেম্বৰ তাৰিখে আৰক্ষীয়ে অভিযান চলাই As 14 AC 0210 আৰু As 25 CC 3696 নম্বৰৰ বাহন দুখনৰ পৰা জব্দ কৰিছিল গৰু কেইটা ৷ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ইমৰান হুছেইন, মইদুৰ আলী, হানচেৰ আলী আৰু মাইনুল হুছেইন নামৰ সৰবৰাহকাৰী কেইটাক (Cattle smuggler arrested) ৷ আটাইকেইটা গৰু জিলাখনৰ বাহিৰলৈ নিয়াৰ সময়তে বৰমা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল গৰুকেইটা (Baksa Police arrested Cattle smuggler) ৷
চোৰাং গৰু সৰবৰাহেৰে জড়িত আটাইকেইটা সৰবৰাহকাৰীক সোমবাৰে নলবাৰী জিলা কাৰগাৰলৈ প্ৰেৰণ কৰে বৰমা আৰক্ষীয়ে ৷ উল্লেখ্য যে, আৰক্ষীয়ে গো-সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও নিতৌ ন ন কৌশল অৱলম্বন কৰি একাংশই অব্যাহত ৰাখিছে চোৰাং গৰুৰ ব্যৱসায় ৷