তামুলপুৰ, 25 জুনঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ অঞ্চলত অৱ্যাহত আছে বন বিভাগৰ অভিযান । তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাওকটাত বন বিভাগে অভিযান চলাই জব্দ কৰে অবৈধ কাঠ ফলা মিল ।
বুধাবাৰে চলোৱা অভিযানত বন বিভাগে বৃহত পৰিমাণৰ মূল্যবান কাঠ সহ এটা অনুজ্ঞাপত্ৰ নথকা কাঠ ফলা মিল জব্দ কৰে ৷ এই অভিযানত তামুলপুৰ আৰু কুমাৰীকটা বন বিষয়াক সহযোগ কৰে এছ এছ বিৰ দলে ৷
উল্লেখ্য যে, তামুলপুৰ বনাঞ্চলিক বিষয়া প্ৰণৱ কুমাৰ দাসে বিগত কেবাদিনত তামুলপুৰ, গোৰেশ্বৰ, কুমাৰীকটা, কাউৰবাহা অঞ্চলত অভিযান চলাই বহু কেইটা অবৈধ কাঠৰ মিল জব্দ কৰিছে ৷