অসম

assam

ETV Bharat / state

মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন বিদেশী পৰ্যটকৰ - মানাহ ৰাষ্ট্ৰীয় উদ্যান

লক ডাউনৰ পিছত মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰলৈ পদাৰ্পণ দুই বিদেশী পৰ্যটকৰ ৷ বিটিআৰ কৰ্তৃপক্ষই মানাহৰ পৰ্যটকৰ বাবে প্ৰদান কৰা চাইকেলেৰে ভ্ৰমণ কৰিলে কাষৰীয়া গাঁও ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন বিদেশী পৰ্যটকৰ
মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন বিদেশী পৰ্যটকৰ

By

Published : Feb 22, 2021, 1:33 PM IST

Updated : Feb 22, 2021, 7:12 PM IST

বাক্সা,22 ফেব্ৰুৱাৰী :দেশত ক'ৰণাজনিত পৰিস্থিতিৰ কিছু উপশম ঘটাৰ পিছত বিগত বৰ্ষৰ ২ অক্টোবৰত মানাহ ৰাষ্ট্ৰীয় উদ্যান দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল ৷ কিন্তু উদ্যানখনলৈ কোনো বিদেশী পৰ্যটকৰ আগমন ঘটা নাছিল ৷ সুদীৰ্ঘ সময়ৰ অন্তত দেওবাৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চিহ্নিত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ দুগৰাকী জাৰ্মান পৰ্যটকৰ আগমন ঘটে ৷ বিদেশী পৰ্যটকৰ আগমনত স্বাভাৱিকতে উৎফুল্লিত হৈ উঠিছে উদ্যানখনৰ সৈতে জড়িত বন বিষয়া, কৰ্মচাৰী, স্বেচ্ছাসেৱী সংগঠনসমূহৰ লগতে উদ্যানখনৰ সমীপৱৰ্তী ৰাইজ ৷ কিয়নো, উদ্যানখনৰ ৰাজহৰ এক বুজন অংশ এইসকল বিদেশী পৰ্যটকৰ পৰাই উদ্যান কৰ্তৃপক্ষ তথা চৰকাৰে লাভ কৰি আহিছে ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন বিদেশী পৰ্যটকৰ

উল্লেখ্য যে, দেওবাৰে জাৰ্মানীৰ পৰা অনুজ আৰু অস্কাৰ নামৰ দুগৰাকী পৰ্যটক উদ্যানখনলৈ আহি বাহৰ পাতিছে এনাজৰী নামৰ ল’জটোত ৷ সোমবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰীয় সঞ্চালক অমল শৰ্মাই দুয়োগৰাকী পৰ্যটককে চাইকেলেৰে উদ্যানখনৰ কাষৰীয়া গাঁৱসমূহ দেখুওৱাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

বিটিআৰ কৰ্তৃপক্ষই প্ৰদান কৰা দহখন ভ্ৰমণ উপযোগী চাইকেলত বনকৰ্মী আৰু সাংবাদিকৰ সৈতে দুয়োগৰাকী পৰ্যটকে উদ্যানখনৰ কাষৰীয়া বাৰেঙাবাৰী, কাঁহীবাৰী, উজান বাঁহবাৰী আদি গাঁৱলৈ যায় ৷ পৰ্যটক দুগৰাকীক গাঁৱবাসীৰ জীৱনশৈলীৰ সৈতে পৰিচয় কৰাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ তদুপৰি গাঁওসমূহৰ ডেকা-গাভৰুসকলে প্ৰদৰ্শন কৰা বিহু নৃত্য উপভোগ কৰে পৰ্যটক দুজনে ৷

ইয়াৰ লগতে চৰকাৰী অৰ্থ সাহায্যত গঢ় লৈ উঠা বাৰেঙাবাৰী ফুড প্ৰছেচিং নামৰ আচাৰ প্ৰস্তুতকাৰী উদ্যোগটোও দেখুওৱা হয় পৰ্যটক দুজনক ৷ উদ্যানখনৰ সঞ্চালক অমল শৰ্মাই চলিত বৰ্ষৰ মাৰ্চ মাহত কৰ’ণাৰ সংক্ৰমণৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন বন্ধ হোৱাৰ সময়লৈকে প্ৰায় ৭২১ গৰাকী বিদেশী পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰি যোৱা বুলি জানিবলৈ দিয়ে ৷ পৰ্যটক দুগৰাকীয়ে পুনৰাই চলিত বৰ্ষৰ মাৰ্চ মাহত সতীৰ্থৰ সৈতে উদ্যানযখন ভ্ৰমণৰ বাবে অহাৰ কথা জানিবলৈ দিয়ে ৷

লগতে চাওকঃকাৰ টিকটেৰে নিৰ্বাচন খেলিবলৈ সাজু ৰুমী নাথ ?

Last Updated : Feb 22, 2021, 7:12 PM IST

ABOUT THE AUTHOR

...view details