অসম

assam

By

Published : Jul 31, 2020, 5:10 AM IST

ETV Bharat / state

গোৰেশ্বৰত বানৰ তাণ্ডৱ

তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰৰ বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ কৱলত ৷ ভূটান পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে সমগ্ৰ অঞ্চল ৷

গোৰেশ্বৰত বানৰ তাণ্ডৱ
গোৰেশ্বৰত বানৰ তাণ্ডৱগোৰেশ্বৰত বানৰ তাণ্ডৱ

তামুলপুৰ, 31 জুলাই: তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ বিস্তীর্ণ অঞ্চল এতিয়া জলমগ্ন ৷ বৃহস্পতিবাৰে ভূটান পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাই সমগ্ৰ অঞ্চলটো ।

ইতিমধ্যে যোৱাটো বানত পুঠিমাৰী নৈয়ে কেবাঠাইতো মথাউৰি চিঙি নৈ পৰিয়া ৰাইজক জুৰুলা কৰি থৈ গৈছে । এতিয়া পুনৰ হঠাতে অহা পানীয়ে নৈখনৰ মথাউৰিৰ ভংগ্ন অংশৰে সোমাই অহা পানীয়ে প্ৰায় কুৰীখন গাঁৱ প্লাৱিত কৰিছে ৷ যাৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত ৷

গোৰেশ্বৰত বানৰ তাণ্ডৱ

বৃহস্পতিবাৰে অহা বাঢ়নী পানীয়ে নাৰামাৰী,হাৰিযোৰা, বগৰীবাৰি, কাৱৈমাৰীকে ধৰি নৈ খনৰ দুয়োপাৰৰ গাঁও কেইখনলৈ পানী সোমাই ঘৰ দুৱাৰৰ লগতে ৰাজপথো বুৰাই পেলাই । আনহাতে নিশা যদি এই হাৰত পানী বাঢ়ি থাকে তেতিয়া হ’লে ভূটানৰ এই পানীয়ে যে নামনি অসমৰ ৰাইজৰ বাবে বিপদ কঢ়িয়াই আনিব বুলি অনুমান কৰা হৈছে ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ সময়তেই এতিয়া বানৰ সৈতেও মোকাবিলা কৰিবলগীয়া হৈছে এই সকল দুৰ্ভগীয়া গঞা ৰাইজে ৷

ABOUT THE AUTHOR

...view details