অসম

assam

ETV Bharat / state

বাক্সা জিলাত বান সাহাৰ্য বিতৰণ - ডাৱৰ ইণ্ডিয়া লিমিটেড

বাক্সাৰ গোৰেশ্বৰৰ বগৰীবাৰী উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনী আৰু ডাৱৰ ইণ্ডিয়া লিমিটেডৰ সহযোগত বগৰীবাৰী বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী ।

বাক্সা জিলাত বান সাহাৰ্য বিতৰণ
বাক্সা জিলাত বান সাহাৰ্য বিতৰণ

By

Published : Jul 27, 2020, 8:19 PM IST

বাক্সা, 27 জুলাই :বাক্সাৰ বগৰীবাৰীত দূৰ্ভোগ আতঁৰা নাই ৰাইজৰ ৷ মথাউৰি চিঙি পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে শেষ কৰিলে খেতিৰ লগতে সপোনৰ ঘৰখন । যাৰ বাবে এতিয়া মথাউৰিৰ ওপৰতে শিবিৰ পাতি থাকিবলগীয়া হৈছে শশ লোক । এনে অৱস্থাতে বানাক্ৰান্তৰ মাজত উপস্থিত হয় উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনী আৰু ডাৱৰ ইণ্ডিয়া লিমিটেড ৷

বগৰীবাৰী উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনী আৰু ডাৱৰ ইণ্ডিয়া লিমিটেডৰ সহযোগত বাক্সা জিলাত বান সাহাৰ্য বিতৰণ

উত্তৰ বেতনা সমাজ সংস্কাৰক বাহিনী আৰু ডাৱৰ ইণ্ডিয়া লিমিটেডৰ সহযোগত বগৰীবাৰী বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰা হয় খাদ্য সামগ্ৰী । খাদ্যৰ অভাৱ আৰু যাতায়ত যোগাযোগৰ পৰা বঞ্চিত এইসকল বানাক্ৰান্তক এইদৰে দুয়োটা অনুষ্ঠানে সাময়িক সকাহ প্ৰদান কৰে ৷ অঞ্চলটোত এতিয়াও বগৰীবাৰী,উলুবাৰী,ধেপাৰগাওঁ,খন্দিকৰ আদি কেইবাখনো গাঁৱৰ ৰাইজ বানত আক্ৰান্ত হৈ জুৰুলা হৈ পৰিছে ৷

লগতে পঢ়কঃ১৯৯১ চনৰ ২৭ জুলাই: এই দিনটোত আজিও উচুপে কাৰোবাৰ আত্মীয়ই

ABOUT THE AUTHOR

...view details