বাক্সা,12 জুলাইঃ ৰাজ্যৰ চৌদিশে বানে লৈছে ভয়ংকৰ ৰূপ ৷ নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে প্ৰায়বোৰ নৈ-উপনৈৰ জলপৃষ্ঠ ৷ সমান্তৰালকৈ ভূটান পাহাৰৰ পৰা বৈ অহা দেউচুঙা আৰু পুঠিমাৰী নৈৰ বাঢ়নি পানীয়ে গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাওকাটাৰ দেউচুঙা, বাঙালীপাৰা, বালাবাৰী, নিছকুচুলা, হাৰিজোৰা আদিকে ধৰি কেইবাখনো গাওঁ প্লাবিত কৰিছে ৷
গোৰেশ্বৰৰ নাওকাটাত বানৰ বিভীষিকা - গোৰেশ্বৰ ৰাজহ চক্ৰ
ৰাজ্যৰ চতুৰ্থটো বানত ইতিমধ্যে বুৰ গৈছে বিস্তীৰ্ণ অঞ্চল ৷ ভূটান পাহাৰৰ পৰা বৈ অহা দেউচুঙা আৰু পুঠিমাৰী নৈৰ বাঢ়নি পানীয়ে গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁৱক প্লাবিত কৰিছে ৷
গোৰেশ্বৰৰ নাওকাটাত বানৰ বিভীষিকা
উল্লেখ্য যে, বানৰ ফলত অঞ্চলটোৰ ঘৰ-দুৱাৰ, বাট-পথ জলমগ্ন হোৱাৰ উপৰিও বিস্তীৰ্ণ কৃষিভূমিৰো ক্ষতিসাধান হৈছে ৷ আনহাতে, পুঠিমাৰী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত আতংকিত হৈ পৰিছে গাঁওবাসী ৷
লগতে পঢ়ক-জিএমচিএইছত ভৰ্তি কৃষক নেতা অখিল গগৈক