বাক্সা, 22 মে': বিশ্বজুৰি কৰ'ণাৰ আতংক অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত প্ৰথমটো বানৰ কৱলত পৰিছে পশ্চিম গোৰেশ্বৰৰ বিস্তীৰ্ণ অঞ্চল ৷ নেৰানেপেৰা বৰষুণৰ বাবে হোৱা বানত ইতিমধ্যেই বুৰ গৈছে অঞ্চলটোৰ নিজকুছলা, জগত চুবুৰী, দক্ষিণ চেনীগাঁৱৰ বিস্তীৰ্ণ কৃষিভূমি ৷ স্থানীয় লোকসকলৰ ভাষ্য অনুসৰি পুথিমাৰীৰ ভগ্ন মথাউৰিৰে উক্ত অঞ্চলত হুৰাহুৰে সোমাইছে বাঢ়নী পানী ৷
কৰ'ণাৰ সন্ত্ৰাসৰ মাজতে বাক্সাৰ গোৰেশ্বৰত বানৰ আতংক - Flood in Goreswar due to heavy rain
বৃহস্পতিবাৰৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত প্ৰথমটো বানৰ কৱলত পৰিছে পশ্চিম গোৰেশ্বৰৰ বিস্তীৰ্ণ অঞ্চল ৷
কৰ'ণাৰ সন্ত্ৰাসৰ মাজতে বাক্সাৰ গোৰেশ্বৰত বানৰ আতংক
উল্লেখ্য যে, বিগত দুদিন ধৰি হৈ থকা নেৰানেপৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে পুঠিমাৰী আৰু শুক্লাই নৈৰ জলস্তৰ ৷ ফলত এতিয়া আতংকত ভূগি বিনিদ্ৰ ৰজনী কটাইছে উক্ত অঞ্চলৰ লোক সকলে ৷
লগতে পঢ়কঃতেজপুৰ বিশ্ববিদ্যালয়ৰ মাণ্ডলিক স্কিনিং চেন্টাৰত 11 জনলৈ বৃদ্ধি কোভিড-19 আক্ৰান্ত