বাক্সা, 16 জুন: বাক্সাত কৃত্ৰিম বানত বুৰ গৈছে বিভিন্ন অঞ্চল । শনিবাৰে নিশা এজাক বৰষুণৰ ফলত বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত আনন্দ বজাৰৰ বিষ্টিন্ন অঞ্চল বুৰ গৈছে পানীৰ তলত । দৰঙানদীৰ বাঢ়নী পানীয়ে বুৰাই পেলায় সমগ্ৰ আনন্দ বজাৰ ৷ দোকান-পোহাৰ, হাট- বজাৰ, চৰকাৰী বিদ্যালয়, ব্যক্তিগত বিদ্যালয় পানীত বুৰ যায় । স্থানীয় ব্যক্তি সকলে জনোৱা মতে চুবুৰীয়া ৰাষ্ট্ৰঃ ভূটানে নিশা পানী এৰি দিয়াৰ ফলতে বানপানীৰ সৃষ্টি হৈছে । আনহাতে নাগ্ৰীজুলি আৰু উপৰখুটি-বগামাটি পথৰ ওপৰৰে পানী বৈ যোৱাত পথ যোগাযোগ ব্যাহত হৈ পৰিছে ৷
ভূটানৰ পানীয়ে বুৰাইছে তামুলপুৰৰ বিস্তীৰ্ণ অঞ্চল - ভূটান
শনিবাৰে নিশা এজাক বৰষুণতে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত আনন্দ বজাৰ বিস্তীৰ্ণ অঞ্চল বুৰ গৈছে পানীৰ তলত । দৰঙানদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে সমগ্ৰ আনন্দ বজাৰ অঞ্চল ৷
বাক্সাত কৃত্ৰিম বান
লগতে পঢ়ক: বিশ্বনাথ আৰু ছয়গাঁৱৰ পৰা নিয়ন্ত্ৰণ হৈছিল বিতৰ্কিত ফেচবুক পেজ: পোহৰলৈ আহিছে ন ন তথ্য
ভূটানৰ পৰা বৈ অহা বৰনদী,পাথৰনদী,কালানদী,গীটিবাৰী নদীয়ে শুক্লাই,নাওবান্ধা,উত্তৰ আনন্দবজাৰ, বাঙালীপাৰা,উপৰখুটি, দেউচুঙা,ভোলাবটাবাৰীকে ধৰি প্ৰায় শতাধিক গাঁওপানীৰ তলত ৷ কেইবাখনো ব্যক্তিগত ক্ষুদ্ৰ চাহ বাগিছা বুৰ গৈছে পানীত ।