বাক্সা, 30 জুন : পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে বুৰালে জাৰতালুক গাঁৱৰ দুই শতাধিক পৰিয়ালৰ ঘৰবাৰী ৷ বিগত কেইবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত পাগলাদিয়া নদীৰ বাঢ়নী পানীয়ে বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত জাৰতালুক গাঁওখন সম্পূৰ্ণৰূপে বুৰাই পেলোৱাত সমগ্ৰ গাঁওখনতে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে ৷ নদীৰ পানীয়ে ঘৰবাৰী, বাটপথ, খেতিপথাৰ বুৰাই পেলোৱাত গাঁওখনৰ লোকসকলে বিদ্যালয় গৃহত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে ৷ বিগত তিনি চাৰি দিন গাঁওখনৰ লোকসকল বিচ্ছিন্ন হৈছে বহি:বিশ্বৰ সৈতে ৷ পানীয়ে বাটপথ বুৰাই পেলোৱাত বিদ্যালয় চৌহদতে আৱদ্ধ হৈ পৰিছে গাঁওবাসী ৷ ফলত গাঁওখনত বিশুদ্ধ খোৱাপানী, খাদ্যৰ অভাৱ পৰিলক্ষিত হয় ৷ ফলত বিগত তিনিদিন ধৰি আশ্ৰয় শিবিৰতে দিন ৰাতি অতিবাহিত কৰিবলগীয়া হৈছে পৰিয়ালসমূহে ৷ যদিও আজি পৰ্যন্ত খবৰ নাই স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ ৷ যাৰবাবে ক্ষোভিত হৈ পৰে গাঁওখনৰ ৰাইজ ৷
বিধায়ক মনেশ্বৰ ব্ৰহ্মক চিৰবিদায় জাৰতালুক গাঁৱৰ ৰাইজৰ ! - বানপীড়িত
পাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে বুৰালে জাৰতালুক গাঁৱৰ দুই শতাধিক পৰিয়ালৰ ঘৰবাৰী ৷ বানপীড়িতৰ খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ ৷ ক্ষোভিত ৰাইজে নৈত উটুৱাই দিলে বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ প্ৰতীকি শৱদেহ ৷
ইফালে গাঁওখনৰ এটা প্ৰতিনিধি দলে বৰমা বিধানসভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মক লগ কৰিবলৈ গৈও বিমুখ হৈ আহিবলগীয়া হয় ৷ বিধায়কগৰাকী বাসভৱনত থকাৰ পাচতো বানপীড়িতসকলক সাক্ষাৎ নকৰাত ক্ষোভিত হৈ পৰা ৰাইজে বিধায়কগৰাকীৰ বিৰুদ্ধে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ ক্ষোভত ফাটি পৰা ৰাইজে বিধায়কগৰাকীৰ প্ৰতিকৃতি শৱদেহ কান্ধত তুলি নি নৈত উটুৱাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্মই বান পীড়িত পৰিয়ালৰ খবৰ নোলোৱাত বিধায়কগৰাকীৰ প্ৰতীকি শৱদেহ সাজি উটুৱাই দিয়ে নৈৰ বুকুত ৷