বাক্সা, 7 ছেপ্তেম্বৰ: তামুলপুৰত নৈৰ বাঢ়নী পানীয়ে চকুৰ সন্মুখতে উটুৱাই লৈ গ'ল এখন বাঁহৰ দলং ৷ মটঙা নৈৰ ওপৰত থকা বাঁহৰ দলং খন উটুৱাই নিলে নৈৰ বাঢ়নী পানীয়ে ৷ ভূটান পাহাৰত অব্যাহত বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠিছে নৈসমূহৰ জলপৃষ্ঠ ৷ সোমবাৰে পুৱাৰ ভাগত নৈ খনৰ ওপৰত থকা একমাত্ৰ বাঁহৰ দলং খন নিয়াত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত ৷ প্ৰায় 40 হাজাৰৰো অধিক লোকে বাস কৰা কুমাৰীকাটা-কাউলী সংযোগী পথৰ মাজত আজিকোপতি এখন স্থায়ী পকী দলং নিৰ্মান নোহোৱাৰ বাবে স্থানীয় যুৱক সকলে নিৰ্মাণ কৰিছিল বাঁহৰ দলং খন ৷
মটঙা নৈৰ পানীয়ে উটুৱাই নিলে কুমাৰীকাটা-কাউলী সংযোগী একমাত্ৰ বাঁহৰ দলং - মটঙা নৈ
ভূটান পাহাৰত অব্যাহত বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠিছে মটঙা নৈৰ জলপৃষ্ঠ ৷ মটঙা নৈৰ পানীয়ে চকুৰ সন্মুখতে উটুৱাই লৈ গ'ল কুমাৰীকাটা-কাউলী সংযোগী একমাত্ৰ বাঁহৰ দলং খন ৷
বাঁহৰ দলং
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, তেওঁলোকে সেই সমস্যা সন্দৰ্ভত ভিন্ন সময়ত বহু আবেদন-নিবেদন জনায় আহিছে যদিও, আজি পৰ্যন্ত নাপালে কোনো সুফল ৷ সুচল যাতায়াতৰ অভাৱত বৃহত্তৰ অঞ্চলবাসীয়ে ভিন্ন সময়ত বহু দুৰ্ভোগ ভুগি আহিছে বুলিও জানিবলৈ দিয়ে স্থানীয় লোকে ৷ এখন জৰুৰীকালিন সেৱাৰ বাহন সোমোৱাৰো সুচল ব্যৱস্থা নাই অঞ্চলটোত ৷ ৰাইজৰ এনেবোৰ সমস্যা শিঘ্ৰেই সমাধানৰ বাবে তেওঁলোকে দেওবাৰে সংবাদ মাধ্যমযোগে দাবী জনালে চৰকাৰক ৷
লগতে পঢ়ক:ব্যক্তিগতকৰণ নহয় অসম ৰাজ্যিক চিৰিয়াখানা