অসম

assam

ETV Bharat / state

গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেবাখনো গাঁও বানাক্ৰান্ত - Flood at goreswar

ভুটান পাহাৰৰ পৰা বৈ অহা দেওচুঙা, পুঠিমাৰী , শুক্লা নৈ কেইখনে ফেনে-ফোটোকাৰে বাঢ়ি আহি নৈ পৰিয়া গাঁও বাঙালী পাৰা ,ঔবাৰী, উপৰখুটি, নিজকোছোলাকে ধৰি প্ৰায় ১০খন গাঁও জলমগ্ন কৰি পেলাইছে ।

Flood at goreswar
Flood at goreswar

By

Published : Jun 28, 2020, 5:10 AM IST

তামুলপুৰ, 28 জুনঃ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেবাখনো গাঁৱত বানৰ তাণ্ডব ৷ যোৱা কেবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বানাক্ৰান্ত হৈ পৰিছে কেবাটাও অঞ্চল ৷

ভুটান পাহাৰৰ পৰা বৈ অহা দেওচুঙা, পুঠিমাৰী , শুক্লা নৈ কেইখনে ফেনে-ফোটোকাৰে বাঢ়ি আহি নৈ পৰিয়া গাঁও বাঙালী পাৰা ,ঔবাৰী, উপৰখুটি, নিজকোছোলাকে ধৰি প্ৰায় ১০খন গাঁও জলমগ্ন কৰি পেলাইছে ।

কেবাখনো গাঁও বানাক্ৰান্ত গোৰেশ্বৰত

সম্প্ৰতি দেওচুঙা নৈয়ে শতাধিক পৰিয়ালৰ বাসগৃহ জলমগ্ন কৰি পেলাইছে । নৈ কেইখনৰ পানীয়ে ৰাইজৰ উৎপাদিত ফচলৰ লগতে পশু ধনো উটুৱাই লৈ যায় ৷ দেওচুঙা নৈৰ ভগ্ন মথাউৰিটো কালি মেৰামতি কৰিছিল যদিও শনিবাৰে অহা বানৰ ঢলে ক্ষন্তেকৰ ভিতৰে মথাউৰিটো চিঙি লৈ যায় ।

ইপিনে বাঙালী পাৰা অঞ্চলৰ বানাক্ৰান্তৰ অভিযোগ অনুসৰি কোনো জন প্ৰতিনিধি বা প্ৰশাসনৰ লোকে তেওঁলোকৰ খবৰ লবলৈ যোৱা নাই ৷ তেওঁলোকে প্ৰতিবছৰে জলসম্পদ বিভাগত মাথাউৰি সমূহ নিৰ্মাণ কৰি দিবলৈ আবেদন জনাই আহিছে যদিও গুৰুত্ব দিয়া নাই বিভাগটোৱে ৷ সেয়ে বাৰিষা হ'লেই দুৰ্ভোগ ভুগিব লগীয়া হৈছে ৰাইজে ৷

লগতে পঢ়কঃঅধিক শোচনীয় হৈছে নাওবৈচাৰ বান পৰিস্থিতি

ABOUT THE AUTHOR

...view details