অসম

assam

ETV Bharat / state

গোৰেশ্বৰৰ গাঁৱত বানে আনিছে দুৰ্যোগ - baksha news

গাঁওখনৰ একমাত্ৰ পথটো এতিয়াও পানীৰ তলত বুৰ গৈ আছে ৷ গাঁওখনৰ পথটো বিগত দহদিনে জলমগ্ন হৈ আছে ৷ উপযুক্ত চিকিৎসা সেৱাৰ অভাৱত বানৰ পাছত বানপীড়িতৰ মাজত দেখা দিছে বিভিন্ন ৰোগৰ উপসৰ্গই ৷

বলিয়া বানৰ যাতনাত গোৰেশ্বৰৰ নিজকোছোলা গাওৰ ৰাইজৰ দুৰ্দশা

By

Published : Jul 18, 2019, 4:05 PM IST

তামুলপুৰ, 18 জুলাইঃ তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত নিজকোছোলা গাঁৱত বান পৰিস্থিতি সামগ্ৰিকভাৱে উন্নত হৈছে ৷ কিন্তু গাঁওখন এতিয়াও যোগাঘোগৰ বাবে সুচল হৈ উঠা নাই ৷ গাঁওখনৰ একমাত্ৰ পথটো এতিয়াও পানীৰ তলত বুৰ গৈ আছে ৷ গাঁওখনৰ পথটো বিগত দহদিনে জলমগ্ন হৈ আছে ৷ উপযুক্ত চিকিৎসা সেৱাৰ অভাৱত বানৰ পাছত বানপীড়িতৰ মাজত দেখা দিছে বিভিন্ন ৰোগৰ উপসৰ্গই ৷

বলিয়া বানৰ যাতনাত গোৰেশ্বৰৰ নিজকোছোলা গাওৰ ৰাইজৰ দুৰ্দশা

জ্বৰত আক্ৰান্ত হৈ পৰা এগৰাকী মহিলা চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে ৷ বৰ্তমান পানী কিছু কমিছে যদিও একৰঙন পানী ভাগি মহিলাগৰাকীক প্ৰায় তিনি কিলোমিটাৰ দূৰৈত থকা ফাৰ্মাছী এখনত চিকিৎসাৰ বাবে ভাতৃয়ে কোচত উঠাই আনিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ চৰকাৰক উপযুক্ত সাহায্য প্ৰদান কৰাৰ লগতে স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে ৰাইজে ৷

ABOUT THE AUTHOR

...view details